পূৰৱী গোস্বামীৰ ‘অজানিতে মোৰ মনে’ শীৰ্ষক কবিতা পুথি উন্মোচন

দেৰগাঁৱৰ এগৰাকী উদিয়মান কবি, লেখক পূৰৱী গোস্বামীৰ “অজানিতে মোৰ মনে” শীৰ্ষক এখনি কবিতা পুথি যোৰহাট বিজ্ঞান কেন্দ্ৰৰ প্ৰেক্ষাগৃহত উন্মোচন কৰা হয়।উজনি অসমৰ অন্যতম প্ৰকাশন গোষ্ঠী দিগদৰ্শন প্ৰকাশনৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত এক গাম্ভীয্যপূৰ্ণ পৰিবেশত গোস্বামীৰ “অজানিতে মোৰ মনে” শীৰ্ষক কবিতা পুথি খন উন্মোচন কৰে যোৰহাট জিলা সাহিত্য সভাৰ সম্পাদক মাধৱ মহন্তই ।জীৱনৰ প্ৰথম বাৰৰ বাবে পুথি আকাৰত প্ৰকাশ কৰি উলিওৱা কবিতা পুথি খন কবিয়ে পিতৃ শ্ৰী শ্ৰী ঢাপকতা সত্ৰৰ সত্ৰাধিকাৰ নাৰায়ণ চন্দ্ৰ গোস্বামী আৰু মাতৃ বীনা গোস্বামীৰ নামত অৰ্পন কৰি সুখী অনুভৱ কৰে।

Related Articles