Breaking

১৫ আগষ্টত বিশ্বৰ চিনেমা গৃহত মুক্তি পাব পুষ্পা ২…

0 41

২০২৪ চনৰ ১৫ আগষ্টত বিশ্বৰ চিনেমাগৃহত মুক্তি পাব পুষ্পা ২। ছুপাৰষ্টাৰ আল্লু অৰ্জুনৰ অনুৰাগীৰ বাবে এটা ডাঙৰ ভাল খবৰ। আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে পুষ্পা ২ ৰ মুক্তিৰ তাৰিখ। ২০২৪ চনৰ ১৫ আগষ্টত বিশ্বজুৰি ছবিগৃহত মুক্তি পাব আল্লু অৰ্জুনৰ পুষ্পা ২। ১১ ছেপ্টেম্বৰ সোমবাৰে বিয়লি ৰাষ্ট্ৰীয় বঁটা বিজয়ী আল্লু অৰ্জুন পুষ্পা ২ ৰ বহু প্ৰত্যাশিত ছবি পুষ্পা ২ মুক্তিৰ তাৰিখ ঘোষণা কৰা হৈছে। ইয়াৰ লগতে ছবিখনৰ নতুন পোষ্টাৰ এখনো শ্বেয়াৰ কৰা হৈছে। পুষ্পা ২ৰ নতুন পোষ্টাৰত দেখা গৈছে এখন হাত, যিখন সোণৰ ব্ৰেচলেট আৰু বিভিন্ন ৰত্নেৰ আঙুঠিৰে সজাই তোলা হৈছে। চচিয়েল মিডিয়াত ক্ৰমাৎ ভাইৰেল হৈ পৰিছে পুষ্পা ২ৰ নতুন পোষ্টাৰ।

মনোৰঞ্জনৰ বাতৰি অনুসৰি অজয় দেৱগন আৰু ৰোহিত শ্বেট্টীৰ ছবি সিংঘম আকৌ ২০২৪ চনৰ ১৫ আগষ্টত ছবিগৃহত মুক্তি পোৱাৰ কথা। কমল হাছানৰ ইণ্ডিয়ান ২ ছবিও একেদিনাই ছবিগৃহত মুক্তি পাব বুলি খবৰ ওলাইছে। এনে পৰিস্থিতিত যদি কোনো ছবিয়ে নিজৰ তাৰিখ সলনি নকৰে তেন্তে বক্স অফিচত আকৌ এবাৰ তীব্ৰ সংঘৰ্ষ দেখা যাব।


Leave A Reply