Breaking

বঙাইগাঁৱত ৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষ্যে কুইজ আৰু সাংস্কৃতিক অনুষ্ঠান

0 1,680

বঙাইগাঁও জিলাত স্বাধীনতাৰ ৭৫ বছৰ পূৰ্ণ হোৱা উপলক্ষ্যে ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ তিনিদিয়াকৈ স্বাধীনতা দিৱস উদযাপন কৰি থকা হৈছে। শনিবাৰে এই উপলক্ষ্যে স্থানীয় বীৰঝৰা পাব্লিক লাইব্ৰেৰীত বিয়লি ২ বজাৰ পৰা কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।জিলাখনৰ বিভিন্ন বিদ্যালয়ত অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে পঢ়ি থকা ছাত্ৰ-ছাত্ৰীৰ মাজত এই কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। মুঠ ৬ টা দলে কুইজ প্ৰতিযোগিতাখনিত অংশগ্ৰহণ কৰে। কুইজ মাষ্টাৰ আছিল ডা:সমুজ্জ্বল ভৰদ্বাজ। কুইজ প্ৰতিযোগিতাত বঙাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ে (ইংৰাজী মাধ্যম) প্ৰথম আৰু তৃতীয় পুৰস্কাৰ লাভ কৰাৰ বিপৰীতে বঙাইগাঁও শংকৰদেৱ শিশু বিদ্যা নিকেতন দ্বিতীয় পুৰস্কাৰ লাভ কৰে৷

ইয়াৰ পিছতে অনুষ্ঠিত হয় সাংস্কৃতিক অনুষ্ঠান। তিনিটা সাংস্কৃতিক দল ক্ৰমে বীৰঝৰা ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে দেশপ্ৰেমমূলক নৃত্য, সমন্বয় সংগীত -কলা একাডেমীৰ ছাত্ৰ-ছাত্ৰীয়ে ভোৰতাল নৃত্য আৰু বঙাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় (ইংৰাজী মাধ্যম) ৰ ছাত্ৰ-ছাত্ৰীয়ে ভিন্ন সংস্কৃতিমূলক নৃত্য প্ৰদৰ্শন কৰে। ইয়াৰ পিছতে এখনি নাট প্ৰদৰ্শন কৰে মাণিকপুৰৰ আকাশ গোষ্ঠীয়ে। সাংস্কৃতিক অনুষ্ঠান মুকলি কৰে অতিৰিক্ত উপায়ুক্ত শ্যামল ক্ষেত্ৰ গগৈয়ে। সাংস্কৃতিক অনুষ্ঠানসমূহ অতিৰিক্ত উপায়ুক্ত মগেন নৰহ, বঙাইগাঁও ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰুণাভ ৰামচিয়াৰী, মাণিকপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰীতিমণি দাস আৰু বঙাইগাঁও জিলা চক্ৰৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক জ্যোৎস্না ৰাণী বৰ্মণৰ পৰিচালনাৰে অনুষ্ঠিত কৰা হয়।

Leave A Reply