Breaking

গোলাঘাটত সৰ্বভাৰতীয় পৰ্যায়ৰ অনলাইন কুইজ প্ৰতিযোগিতা

0 94

গোলাঘাটদেশজুৰি চলি থকা লকডাউনৰ পৰিপ্ৰেক্ষিতত সকলো লোক নিজৰ ঘৰৰ ভিতৰতে আবদ্ধ হৈ থাকিবলগীয়া হৈছে। নিজ নিজ কৰ্মব্যস্ততাৰ পৰা দীৰ্ঘদিন ধৰি আঁতৰি থাকি বহুলোকে বিৰক্ত অনুভৱ কৰিবলৈ ধৰিলে। বিশেষকৈ যুৱচামৰ বাবে ঘৰৰ ভিতৰতে সোমাই থকাটো বৰ কষ্টকৰ হৈ পৰিছে৷ এনে প্ৰেক্ষাপটত গোলাঘাটৰ কেইজনমান কুইজপ্ৰেমী যুৱকে ঘৰৰ ভিতৰতে আবদ্ধ হৈ থাকিবলগীয়া হোৱাসকলৰ কিছু মানসিক উৎকৰ্ষ সাধনৰ উদ্দেশ্যে গ্ৰহণ কৰিলে এক ব্যতিক্ৰমী পদক্ষেপ। গোলাঘাটৰ বিশ্বজিৎ পূজাৰী, চায়েদ নেকিব আৰু শৰৎ চেতিয়াৰ দ্বাৰা গঠিত ইকুইনক্স নামৰ কুইজ ক্লাবৰ উদ্যোগত সৰ্বভাৰতীয় পৰ্যায়ত অনুষ্ঠিত কৰা হ’ল ‘জ্ঞান মন্থন ১.০’ শীৰ্ষক এখনি হোম কোৱাৰেণ্টাইন অনলাইন কুইজ প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত অসমৰ লগতে ভাৰতৰ বিভিন্ন ৰাজ্যৰ কুইজ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে।  প্ৰতিযোগীসকলৰ বিনামূলীয়া অনলাইন পঞ্জীয়ন কৰা হয় আৰু যোৱা ৩ মে’, দেওবাৰে দুপৰীয়া ১২ বজাত প্ৰতিযোগিতাখন অনুষ্ঠিত কৰা হয়। মুঠ ৪৫ মিনিট সময়ৰ এই অনলাইন কুইজ প্ৰতিযোগিতাখনত প্ৰতিযোগীসকলে গুগল লিংক যোগে প্ৰশ্নসমূহ নিজৰ ই মেইলত লাভ কৰে আৰু উত্তৰসমূহ কৰি একেটা লিংকৰ জৰিয়তে ইকুইনক্সলৈ প্ৰেৰণ কৰে।  আজি উদ্যোক্তাসকলে কুইজ প্ৰতিযোগিতাখনৰ ফলাফল ঘোষণা কৰে। ফলাফল অনুসৰি প্ৰথম তিনিটা স্থান অধিকাৰ কৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ক্ৰমে ৰাজীৱ উল আৱাল, মৃদুল শৰ্মা আৰু অভিলাষ দাসে। আনহাতে টপ টেন স্থান লাভ কৰাসকল হৈছে ক্ৰমে গোলাঘাট ৰিলায়েন্স কনিষ্ঠ মহাবিদ্যালয়ৰ আকাশ আলী হাজৰিকা, শংকৰদেৱ শিশু নিকেতন গোলাঘাটৰ লয়ন জ্যোতি দত্ত,  ডি আৰ কলেজ গোলাঘাটৰ স্বাগত প্ৰতীম বৰা, আইডল গুৱাহাটী বিশ্ববিদ্যালয়ৰ নেহা শৰ্মা, বাংগালোৰৰ ইনফ’চিছত কৰ্মৰত ভাৰ্গৱ শইকীয়া,  গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন মহাবিদ্যালয়ৰ অশ্বিনী কুমাৰ শৰ্মা, দৰং কলেজৰ অভিজিৎ শৰ্মা আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ জ্ঞানদীপ কলিতা। বিজয়ী প্ৰতিযোগীসকলৰ লগতে এই অনলাইন কুইজ প্ৰতিযোগিতাখনত অংশ গ্ৰহণ কৰা সকলোকে উদ্যোক্তাসকলে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। ইকুইনক্স কুইজ ক্লাবৰ এনে ব্যতিক্ৰমী প্ৰচেষ্টাৰ শলাগ লৈছে সকলোৱে।

Leave A Reply