Breaking

ভেৰগাঁ‌ৱত ৰাভা ছাত্ৰ সন্থাৰ প্ৰতিবাদী সমদল; অৰ্ধ সহস্রাধিক লোকৰ সমাবেশেৰে উত্তাল ভেৰগাঁ‌ও চাৰিআলী

0 60

ভূমিপুত্ৰ ৰাভা সকলৰ দীৰ্ঘদিনীয়া দাবী ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰা আৰু ৰাভা হাছংৰ বাহিৰত বসবাস কৰা ৰাভা সকলৰ বাবে ৰাভা উন্নয়ণ পৰিষদ গঠনৰ দাবীত নিখিল ৰাভা ছাত্ৰ সন্থাই ইতিমধ্যে অসমৰ ভিন্ন প্ৰান্তত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে।

সমান্তৰালকৈ আজি ওদালগুৰি জিলা ভেৰগাও আঞ্চলিক নিখিল ৰাভা ছাত্ৰ সন্থা, ৰাভা মহিলা পৰিষদৰ উদ্যোগত ৰাভা ৰাইজৰ সহযোগত সন্ধিয়া ভেৰগাঁ‌ও চহৰ চাৰিআলীত অৰ্ধ সহস্রাধিক লোকৰ অংশগ্ৰহণৰে, প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।


ন ছিক্স চিডিউল নো ৰেষ্ট, আৰছু লং লিভ, আমাৰ দাবী ন্যাৰ্য দাবী ইত্যাদি শ্ল’গানেৰে উত্তাল কৰি তোলে পৰিৱেশ।

বিগত আৰু বৰ্তমান সময়ৰ চৰকাৰৰ ভূমিকাক লৈ অসন্তুষ্ট ৰাভা ৰাইজ। ৰাভা সকলৰ দীৰ্ঘদিনিয়া দাবী কোনো এখন চৰকাৰে পূৰণ কৰাৰ সদিচ্ছা কৰা নাই।আগন্তুক লোকসভা নিৰ্বাচনত ৰাভা ৰাইজে প্ৰত্যুত্তৰ দিব বুলি ব্যক্ত কৰে প্ৰতিবাদকাৰী সকলে।

Leave A Reply