Breaking

ওদালগুৰিত ৰাভা ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট

0 72

ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰা আৰু ৰাভা হাছঙৰ বাহিৰত বসবাস কৰা ৰাভাসকলৰ বাবে ৰাভা উন্নয়ণ পৰিষদ গঠনৰ দাবীত নিখিল ৰাভা ছাত্ৰ সন্থাই ইতিমধ্যে অসমৰ ভিন্ন প্ৰান্তত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে।


সমান্তৰালকৈ আজি ওদালগুৰি জিলা ৰাভা ছাত্ৰ সন্থা, ৰাভা গণমঞ্চ, ৰাভা উন্নয়ন পৰিষদ দাবী সমিতি, ৰাভা মহিলা পৰিষদৰ লগতে আন কেইবাটাও ৰাভা জাতীয় সংগঠনৰ যৌথ উদ্যোগত আজি ওদালগুৰি দুৰ্গাপূজাখোলাত শ শ ৰাভা ৰাইজৰ সমাৱেশত দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।

ৰাভা সকলৰ দীৰ্ঘদিনীয়া দাবী ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদক ভাৰতী সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰা আৰু ৰাভা হাছংৰ বাহিৰত বসবাস কৰা ৰাভাসকলৰ বাবে ৰাভা উন্নয়ণ পৰিষদ গঠনৰ দাবী সমূহ যদি শীঘ্ৰেই পূৰণ নকৰে তেন্তে অনাগত দিনত জংগী আন্দোলনৰ গঢ়ি তোলাৰ হুংকাৰ দিয়ে।

Leave A Reply