Breaking

পৰিনীতিৰ সৈতে এংগেজমেণ্টৰ পিছতে ৰেম্প ৱাক কৰিলে ৰাঘৱ চাদ্ধাই…

0 56

ছ’চিয়েল মিডিয়াত অতি ভাইৰেল হৈ পৰিছে ৰাঘৱ চাদ্ধাৰৰ এটা ভিডিঅ’। য’ত তেওঁক ৰেম্পত খোজ কাঢ়ি থকা দেখা গৈছে। কিছুদিন পূৰ্বে বলীউডৰ অভিনেত্ৰী পৰিনীতি চোপ্ৰা আৰু ৰাজ্যসভাৰ সাংসদ তথা আপৰ নেতা ৰাঘৱ চাদ্ধাৰৰ এংগেজমেণ্ট অনুষ্ঠান অনুষ্ঠিত হৈ যায়।দুয়োৰে এংগেজমেণ্টৰ ছবি আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত অতি ভাইৰেল হৈ পৰিছিল। এতিয়া শেহতীয়াকৈ ৰাঘৱ চাদ্ধাৰৰ ৰেম্প ৱাকৰ থ্ৰ’বেক এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত যথেষ্ট ভাইৰেল হৈ পৰিছে। য’ত ৰাঘৱক এজন ডিজাইনাৰ বাবে ৰেম্পত খোজ কাঢ়ি থকা দেখা গৈছে।

আচলতে ৰাঘৱ চাধাই এবছৰ আগতে এজন ডিজাইনাৰ বাবে ৰেম্প ৱাক কৰিছিল। যাৰ ছবি আৰু ভিডিঅ’ ছচিয়েল মিডিয়াত বৰ্তমান ভাইৰেল হৈ পৰিছে। এই ভিডিঅ’ আৰু ছবিবোৰ দেখি অনুৰাগীয়ে ৰাঘৱক লৈ হাস্যকৰ মন্তব্য দিছে। ৰাঘৱৰ ৰেম্প ৱাকৰ ছবিখনৰ ওপৰত মন্তব্য কৰি এজন ব্যৱহাৰকাৰীয়ে লিখিছে, ‘জিজাজীৰ বলীউডত প্ৰৱেশ’, আন এজনে লিখিছে, ‘জিজাজী নায়ক হ’ব পাৰে’। অতি সোনকালে পৰিনীতি আৰু ৰাঘৱৰ বিয়া সোনকালে হ’ব।


শেহতীয়াকৈ দিল্লীৰ কাপুৰথালাত পৰিনীতি চোপ্ৰা আৰু ৰাঘৱ চাদ্দাৰৰ এংগেজমেণ্ট হৈছিল। ইয়াৰ লগে লগে ৰাঘৱ আৰু পৰিনীতিৰ বিবাহৰ প্ৰস্তুতিও আৰম্ভ হৈছে। অতি সোনকালে এই দম্পতী বিবাহপাশত আবদ্ধ হোৱা দেখিবলৈ পাব অনুৰাগীসকলে। অৱশ্যে এতিয়ালৈকে বিয়াৰ তাৰিখৰ আনুষ্ঠানিক ঘোষণা কৰা নাই দম্পতীহালে ।

Leave A Reply