Breaking

ৰহাৰ সৰবৰহী মহিলা, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী কল্পনা বৰদলৈৰ বিয়োগ

0 125

নগাঁও জিলাৰ ৰহা নগৰৰ দেৱাগুৰিৰ নিবাসী অৱসৰ প্ৰাপ্ত কৃতী শিক্ষয়িত্ৰী, সুলেখিকা, সাহিত্যিক কল্পনা বৰদলৈৰ বুধবাৰে গুৱাহাটী এপল’ হস্পিটালত বিয়োগ ঘটে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৬১ বছৰ।

জানিব পৰা মতে, কিছুদিনৰ আগতে শাৰীৰিক অসুস্থতাৰ বাবে গুৱাহাটী এপল’ হস্পিতালত ভৰ্তি হৈ চিকিৎসাধীন হৈ আছিল। শেহতীয়াকৈ শাৰিৰীক অৱস্থা অৱনতি ঘটাত আই,চি,ইউলৈ স্থানান্তৰ কৰিছিল চিকিৎসকে।

কিন্তু চিকিৎসকৰ সকলো প্ৰচেষ্টাক নসাৎ কৰি বুধবাৰে সন্ধিয়া ৭.৫০ বজাত ইহসংসাৰ ত্যাগ কৰে বিশিষ্ট সাহিত্যিক গৰাকীয়ে। উল্লেখ্য যে, সদা হাস্যময়ী, সৰবৰহী, সমাজকৰ্মী কল্পনা বৰদলৈ আছিল এগৰাকী সমাজপ্ৰিয় মহিলা। ৰহা সূৰ্যৱতী শাখা সাহিত্য সভাৰ সম্পাদিকা হিচাপে কেইবাটাও বছৰ দায়িত্ব পালন কৰা লগতে ৰহাৰ প্ৰতিটো সামাজিক অনুষ্ঠানৰ লগত অতি ওত:প্ৰোতভাৱে জড়িত হৈ আছিল বৰদলৈ।

কহিগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰধান শিক্ষয়িত্ৰী হিচাপে অৱসৰ গ্ৰহণ কৰা কল্পনা বৰদলৈয়ে লিখি প্ৰকাশ কৰিছে গল্প সংকলন “মন ফুলনিৰ উৰণীয়া সুৱাস” আৰু ছাত্ৰ-ছাত্ৰী সকলৰ বাবে “কুইজ সমাহাৰ। তদুপৰি বিভিন্ন কাকত, আলোচনী আদিত সময় সাপেক্ষ লিখনিয়ে সাহিত্যৰ ভঁৰাললৈ উল্লেখযোগ্য অৱদান আগবঢ়োৱা বৰদলৈয়ে ২০১৪ চনত নগাঁও জিলা সাহিত্য সভাৰ প্ৰেৰণা বঁটা আৰু ২০১৬ চনত “এনাজৰী” বঁটা লাভ কৰিবলৈ সক্ষম হয়।

তদুপৰি ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে বিজ্ঞান কুইজ আৰু দুখন উপন্যাস প্ৰকাশৰ পৰিকল্পনা কৰিছিল যদিও নিষ্ঠুৰ সময়ে সুবিধা প্ৰদান নকৰিলে বৰদলৈক।

বৰদলৈৰ মৃত্যুত ৰহা সূৰ্যৱতী শাখা সাহিত্য সভা, নগাঁও জিলা সাহিত্য সভা, ৰহা লেখিকা সমাৰোহ, ৰহা আঞ্চলিক সাংবাদিক সন্থা, ৰহা জেষ্ঠ নাগৰিক সমিতি, ৰহা আঞ্চলিক ছাত্ৰ সন্থা, ৰহা মানৱ অধিকাৰ সংগ্ৰাম সমিতি, ৰহা আঞ্চলিক জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদ, ৰহা আঞ্চলিক কৰ্মচাৰী পৰিষদকে আদি কৰি বিভিন্ন দল-সংগঠনে শোক প্ৰকাশ কৰে।

Leave A Reply