ৰহাত কলং, কামপুৰত কপিলীয়ে অতিক্ৰম কৰিছে বিপদসীমা…

ডিমা হাছাও জিলাৰ পৰা কপিলী আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ পৰা বৈ অহা বৰপানীৰ জলপৃষ্ঠ বৃদ্ধি হৈ হাহাকাৰৰ সৃষ্টি কৰা কলঙে ৰহাত বিপদ সীমা অতিক্ৰম কৰি উৰ্দ্ধগতিত বৈ আছে । আজি ৰহাত কলঙে ১০ ছেন্টিমিটাৰ ওপৰেদি বৈ আছে । সেইদৰে কামপুৰত কপিলীয়ে তিনিদিনৰ আগতেই বিপদ সীমা অতিক্ৰম কৰি আজি বিয়লি ৪ বজালৈ ১.৬১ ছেন্টিমিটাৰ ওপৰেৰে উৰ্দ্ধ গতিত বৈ আছে । পুৱা ৮ বজাৰ পৰা বিয়লি ৪ বজালৈ কপিলীয়ে ৯ ছেন্টিমিটাৰ বাঢ়িছে । কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ ৰিজাভাৰৰ পানী বৃদ্ধি পোৱাত আটাইকেইখন গেট খুলি ৰখাৰ বাবেই কপিলীৰ জলপৃষ্ঠ বৃদ্ধি হৈ আছে ।

ডিমা হাছাও জিলাত আজিও একেৰাহে বৰষুণ দি থকাৰ বাবে  কপিলীৰ জলপৃষ্ঠ পুনৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলি জলসম্পদৰ পৰা জনা গৈছে । আনহাতে  কপিলীৰ জলপৃষ্ঠ বৃদ্ধি হৈ থকাৰ বাবেই যোৱা নিশা ৰহা – কামপুৰ পথৰ কাষত থকা কাকতি গাৱত কপিলীৰ পানীয়ে পাৰৰ কৃষিবান্ধ অতিক্ৰম কৰি গাৱত সোমাইছে ।প্ৰায় ৫০০ ঘৰ লোকৰ ঘৰত এই পানী সোমাইছে । পুখুৰীৰ মাছ, পথাৰৰ  পকিবলৈ ধৰা বৰোধান পানীত ডুব গৈছে । কাকতি গাঁও- মাগুৰগাঁও সংযোগী পথ , মাগুৰগাঁও – লাউপানী সংযোগী ( জুকুতা- খাইগড় ) গড় কাপ্তানী পথৰ কিছু অংশতো পানী পথৰ ওপৰত উঠিছে । নিশাটোৰ ভিতৰত অধিক অংশত কপিলীৰ পানীয়ে ভয়াবহ ৰূপ লৱ পাৰে ।

Related Articles