Breaking

ৰাহুল গান্ধীয়ে সহায় লৈছে পিএফআইৰ! বিস্ফোৰক মন্তব্য স্মৃতি ইৰাণীৰ…

0 12

বিজেপি নেত্ৰী স্মৃতি ইৰাণীয়ে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ বিৰুদ্ধে আমেঠিক অপমান কৰাৰ অভিযোগ উত্থাপন কৰিলে। কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে দাবী কৰে যে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কেৰালা লোকসভা আসনৰ ৱায়ানাড সমষ্টিৰ পৰা আগন্তুক লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ নিষিদ্ধ সংগঠন পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াৰ (পিএফআই) সমৰ্থন গ্ৰহণ কৰিছে। সোমবাৰে এএনআইৰ সৈতে বাৰ্তালাপ কৰোঁতে,ইৰাণীয়ে কংগ্ৰেছ নেতাগৰাকীৰ বিৰুদ্ধে আমেঠিৰ জনসাধাৰণক অপমান কৰাৰ অভিযোগ উত্থাপন কৰে। ২০১৯ ৰ লোকসভা নিৰ্বাচনত ৰাহুল গান্ধী উক্ত সংষ্টিৰ পৰা পৰাজিত হৈছিল। সেই সমষ্টিত ইৰাণী জয়ী হৈছিল। ইৰাণীয়ে কয়-
“আমি এই তথ্য পাইছো যে ৰাহুল গান্ধীয়ে ৱায়ানাডত তেওঁৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ সন্ত্ৰাসবাদী সংগঠন পিএফআইৰ সমৰ্থন লৈছিল।পিএফআই সগঠনটোৱে প্ৰতিখন জিলাতে হিন্দুসকলক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল,” ইৰাণীয়ে কয়।

বিজেপি নেত্ৰীগৰাকীয়ে লগতে কয় যে ৰাহুল গান্ধীয়ে আমেঠিৰ লোকসকলক বিপথে পৰিচিলিত কৰিছিল।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয়, “বিজেপি কৰ্মীসকলে জানে যে গান্ধী পৰিয়ালে আমেঠিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ আহিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেঠি লোকসভা সমষ্টিত ১৯ লাখ নাগৰিকলৈ ৰেচন প্ৰেৰণ কৰিছে, যদি গান্ধী পৰিয়াল আগতে কি কৰিছিল? কালি এজন কংগ্ৰেছ নেতাই কৈছে যে ৰাহুল গান্ধীয়ে ৱায়ানাডক বাছনি কৰিছিল কাৰণ ৱায়ানাডৰ লোকসকল অধিক নিষ্ঠাৱান। তেন্তে আমেঠিৰ আনুগত্যৰ বিষয়ে তেওঁ কি ক’ব?” উল্লেখ্য ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনত বিজেপিয়ে পৰম আধিপত্য প্ৰতিষ্ঠা কৰাৰ প্ৰচেষ্টাৰ ফলত কেৰালাৰ ৰাজ্যিক সভাপতি কে সুৰেন্দ্ৰনক সমষ্টিটোৰ পৰা ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ (এন ডি এ) প্ৰাৰ্থী হিচাপে মনোনয়ন দিয়া হৈছে।আনহাতে বিজেপিয়ে ঘোষণা কৰিছে যে ইৰাণীয়ে পুনৰ নিৰ্বাচিত হ’ব।

Leave A Reply