Breaking

‘ৰাহুল গান্ধীয়ে লণ্ডনত ভাৰতক অপমান কৰিছে, সদনৰত ক্ষমা খুজিব লাগে গান্ধীয়ে’- প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

0 58

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে লোকসভাত কয় যে একেটা সদনৰ সদস্য ৰাহুল গান্ধীয়ে লণ্ডনত ভাৰতক অপমান কৰিছিল। সদনৰ সন্মুখত ক্ষমা খুজিব লাগে ৰাহুল গান্ধীয়ে। বিদেশত ৰাহুল গান্ধীৰ ভাষণক লৈ সংসদত বিতৰ্ক!
কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বহিঃৰাজ্যত চৰকাৰক সমালোচনা কৰা বিষয়টো আজি লোকসভাত উত্থাপন হয়। এই বিষয়ত বিজেপিৰ সকলো ডাঙৰ নেতাই ৰাহুলক ঘেৰি ধৰি ক্ষমা খুজিবলৈ অনুৰোধ জনায়। আজিৰ পৰা (১৩ মাৰ্চ) দ্বিতীয় পৰ্যায়ৰ বাজেট অধিবেশন আৰম্ভ হৈছে ৬ এপ্ৰিললৈকে চলিব বাজেট অধিৱেশন। ইয়াৰ মাজতে লোকসভাত বিৰোধী আৰু শাসকীয় দলৰ মাজত হুলস্থুলৰ সৃষ্টি হয়। কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বক্তব্যক বেয়াকৈ ঘেৰি ধৰিলে বিজেপিয়ে। ৰাহুলৰ এই বক্তব্যৰ বিষয়টো লোকসভাত উত্থাপন কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।

লোকসভাত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে এই সদনৰ সদস্য ৰাহুল গান্ধীয়ে লণ্ডনত ভাৰতক অপমান কৰিছিল। ৰাহুলৰ বক্তব্যক এই সদনৰ সকলো সদস্যই গৰিহণা দিয়াৰ লগতে তেওঁ সদনৰ সন্মুখত ক্ষমা খুজিব লাগে বুলি দাবী জনায়।প্ৰচণ্ড হুলস্থুলৰ মাজতে স্থগিত ৰাখিলে লোকসভা-

ৰাজনাথ সিঙে কয় যে ৰাহুলে বিদেশৰ মাটিত কৈছে যে তেওঁৰ মাইক সদনত চুইচ অফ কৰা হৈছে, কিন্তু সেয়া একেবাৰেই নহয়। তেওঁ মিছা কথা বিয়পাইছে। ৰাহুলৰ বক্তব্যক লৈ লোকসভাত ব্যাপক হুলস্থুলৰ অন্তত বিয়লি ২ বজালৈ স্থগিত ৰখা হয় কাৰ্য্যবিধি। লগতে ৰাহুল গান্ধীক ক্ষমা খুজিবলৈ আবেদন জনায় পীয়ুষ গোৱালে।

পীয়ুষ গোৱেলে কয় যে অতি লজ্জাজনক ৰূপত এজন বিৰোধী নেতাই বহিঃৰাজ্যলৈ গৈ ভাৰতৰ ন্যায়পালিকা, সেনা, নিৰ্বাচন আয়োগ আৰু সদনক অপমান কৰিছিল। মিছা অভিযোগ উত্থাপন কৰিলে বিৰোধী নেতাগৰাকীয়ে। তেওঁ সদনলৈ আহি দেশবাসীৰ ওচৰত ক্ষমা খুজিব লাগে। দেশত যেতিয়া জৰুৰীকালীন অৱস্থা জাৰি কৰা হৈছিল তেতিয়া গণতন্ত্ৰত বিপদ আছিল বুলিও তেওঁ কয়।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও এই সন্দৰ্ভত ৰাহুল গান্ধীক সমালোচনা কৰিছে। লণ্ডনত ৰাহুল গান্ধীৰ বক্তব্যৰ ওপৰত তেওঁ কয় যে ভাৰত কেৱল সৰ্ববৃহৎ গণতন্ত্ৰই নহয়, গণতন্ত্ৰৰ মাতৃও। লণ্ডনত ভাৰতৰ গণতন্ত্ৰক লৈ প্ৰশ্ন উত্থাপন হোৱাটো দুৰ্ভাগ্যজনক। ভাৰতৰ গণতন্ত্ৰক লৈ একাংশ লোকে অহৰহ প্ৰশ্ন উত্থাপন কৰি আছে।”

এই ক্ৰিয়া প্ৰতিক্ৰিয়াই কি ৰুপ লয় সেয়া সময়তহে হ’ব লক্ষণীয়।

Leave A Reply