Breaking

ৰাহুল গান্ধী ৰাজনীতিৰ শ্ৰেষ্ঠ ফিনিচাৰ, কংগ্ৰেছক শেষ কৰিহে ক্ষান্ত হ’বঃ ৰাজনাথ সিং…

0 11

ৰাহুল গান্ধীক ৰাজনীতিৰ ফিনিচাৰ আখ্যা দিলে কেন্দ্ৰীয় প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে। ৰাজনাথ সিঙে কয় যে ক্ৰিকেটত ধোনীৰ দৰে ৰাহুল গান্ধী ৰাজনীতিৰ শ্ৰেষ্ঠ ফিনিচাৰ। তেওঁ কংগ্ৰেছক ‘শেষ’ কৰাৰ পিছতহে থমকি ৰ’ব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীক সমালোচনা কৰি কয় যে দুৰ্নীতিৰ সৈতে শতিকা প্ৰাচীন দলটোৰ ‘অটুট’ সম্পৰ্ক আছে।ৰাজনাথ সিঙে মধ্য প্ৰদেশৰ চিধি জিলাৰ এক ৰেলীত ৰাহুল গান্ধীক বাক্যবাণেৰে আক্ৰমণ কৰে। সিঙে কয় “কেতিয়াবা মই আচৰিত হওঁ, মই বুজি নাপাওঁ কি হৈ আছে। তাৰ পিছত মই কিছুমান কথা জুকিয়াই চালো। ক্ৰিকেটৰ শ্ৰেষ্ঠ ফিনিচাৰ কোন? ধোনী। একেদৰে, যদি কোনোবাই মোক সোধে যে ভাৰতীয় ৰাজনীতিৰ শ্ৰেষ্ঠ ফিনিচাৰ কোন, মই ক’ম ৰাহুল গান্ধী। সেইকাৰণে বহু নেতাই কংগ্ৰেছ ত্যাগ কৰিছে।”

কংগ্ৰেছক সমালোচনা কৰি ৰাজনাথ সিঙে কয় “কংগ্ৰেছ আৰু দুৰ্নীতি অবিচ্ছেদ্যভাৱে জড়িত।কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে। কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰৰ বিৰুদ্ধে এনে অভিযোগ উত্থাপন কৰিবলৈ কোনেও সক্ষম হোৱা নাই। তেওঁ কয় “কংগ্ৰেছে এসময়ত ভাৰতীয় ৰাজনীতিত দপদপাই আছিল। এতিয়া তেওঁলোক কেৱল দুই-তিনিখন ৰাজ্যতহে শাসনত আছে।’’ ৰাজনাথ সিঙে দাবী কৰে যে কংগ্ৰেছে দিয়া কোনো প্ৰতিশ্ৰুতি পূৰণ কৰা হোৱা নাই। আনহাতে, বিজেপিয়ে যোৱা ১০ বছৰত দিয়া নিজৰ সকলো প্ৰতিশ্ৰুতি পালন কৰিছে। ভাৰতৰ ভৱিষ্যতৰ বিষয়ে উল্লেখ কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে ২০৪৫ চনৰ ভিতৰত ভাৰত বিশ্বৰ এক “মহাশক্তি” হৈ পৰিব।

Leave A Reply