Breaking

মাতৃ ছোনিয়া গান্ধীৰ ঘৰলৈ স্থানান্তৰিত হ’ব ৰাহুল গান্ধী…

0 110

মাতৃ ছোনিয়া গান্ধীৰ ঘৰলৈ স্থানান্তৰিত হ’ব ৰাহুল গান্ধী। ৰাহুল গান্ধীৰ সংসদ সদস্যপদ বাতিল হোৱাৰ পিছত চৰকাৰী বাংলো খালী কৰিবলৈ পোৱা জাননীৰ ভিত্তিত ৰাহুলে নিজৰ বাংলো খালী কৰিবলৈ আৰম্ভ কৰিছে। তেওঁ মাতৃ ছোনিয়া গান্ধীৰ সৈতে থাকিব। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে অতি সোনকালে ১০ জনপথত থকা মাতৃ ছোনিয়া গান্ধীৰ ঘৰলৈ স্থানান্তৰিত হ’ব। খবৰ অনুসৰি ৰাহুলৰ ঘৰৰ সামগ্ৰীসমূহ ১০ জনপথত থকা ছোনিয়া গান্ধীৰ বাসগৃহলৈ স্থানান্তৰিত কৰিছে। একে সময়তে ৰাহুল গান্ধীৰ কার্যালয়ৰ কাম-কাজৰ বাবে নতুন ঘৰ এটাৰ তালাচী চলোৱা হৈছে৷ কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীৰ লোকসভাৰ সদস্যপদ সমাপ্ত হোৱাৰ পিছতে ৰাহুল গান্ধীয়ে বাংলো খালী কৰাৰ জাননী লাভ কৰিছিল।

মোডী জাতিক লৈ বিতৰ্কিত মন্তব্য কৰাৰ বাবে চুৰাটৰ আদালতত দাখিল কৰা অপৰাধমূলক মানহানিৰ গোচৰত দোষী সাব্যস্ত হয় ৰাহুল গান্ধী। ন্যায়াধীশে তেওঁক সৰ্বাধিক দুবছৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰাৰ লগতে আৰ্থিক জৰিমনাও আৰোপ কৰে। কংগ্ৰেছ নেতাসকলে এই ঘটনাক ৰাহুল গান্ধীৰ বিৰুদ্ধে ৰাজনৈতিক ষড়যন্ত্ৰ বুলি অভিহিত কৰে।

শাস্তি পোৱাৰ পিছত ৰাহুল গান্ধীক উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিবলৈ সৰ্বাধিক ৩০ দিনৰ সময় দিয়া হয়। কিন্তু তেওঁ আপীল দাখিল কৰাৰ আগতেই ৰায় ঘোষণাৰ ১২ ঘণ্টাৰ পাছত জনপ্ৰতিনিধিত্ব আইন ব্যৱহাৰ কৰি তেওঁৰ সংসদৰ সদস্যপদ বাতিল কৰা হয়। ইয়াৰ পিছত কংগ্ৰেছে বিজেপিৰ বিৰুদ্ধে দেশজোৰা আন্দোলন আৰম্ভ কৰে।

Leave A Reply