Breaking

ভোটদান সন্দৰ্ভত ৰাইজৰ আগত এক বিশেষ আহ্বান  ৰাহুল গান্ধীৰ…

0 14

লোকসভা নিৰ্বাচন ২০২৪ৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ হৈছে। ভোটদানৰ শতকৰা হাৰ বৃদ্ধিৰ বাবে নির্বাচন আয়োগৰ সমান্তৰালকৈ বৃহৎ ৰাজনৈতিক দলৰ নেতাসকলেও ভোটাৰক ভোটদানৰ বাবে আহ্বান জনাইছে৷

এনে পৰিপ্ৰেক্ষিতত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়েও ভোটদান সন্দৰ্ভত ৰাইজৰ আগত এক বিশেষ আহ্বান জনাইছে।

ৰাহুল গান্ধীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্স (পূৰ্বৰ টুইটাৰ)ত পোষ্ট কৰিছিল, ‘আজি প্ৰথম পৰ্যায়ৰ ভোটদান!

মনত ৰাখিব, আপোনাৰ প্ৰতিটো ভোটে ভাৰতৰ গণতন্ত্ৰ আৰু ভৱিষ্যত প্ৰজন্মৰ ভৱিষ্যত নিৰ্ণয় কৰিবলৈ গৈ আছে। গতিকে বিগত ১০ বছৰত দেশৰ আত্মাক দিয়া ঘাঁত আপোনাৰ ‘ভোট বাম’ প্ৰয়োগ কৰি গণতন্ত্ৰক শক্তিশালী কৰক। ঘৃণাক পৰাস্ত কৰি চুক-কোণে ‘প্ৰেমৰ দোকান’ খুলিব।”

Leave A Reply