Breaking

পাকিস্তানত ৰে’ল দুর্ঘটনা: মৃত্যু ৫০ যাত্রীৰ

0 523

পাকিস্তানৰ সিন্ধ প্রদেশত সংঘটিত শোকাৱহ ৰে’ল দুর্ঘটনাত কমপক্ষেও ৫০গৰাকী লোক নিহত হোৱাৰ উপৰি অন্য ৭০ গৰাকী গুৰুতৰভাৱে আহত হৈছে৷ দুখনকৈ যাত্রীবাহী ৰে’ল মুখামুখি সংঘর্ষত পতিত হোৱাৰ ফলত ঘটনাস্থলীতে ৫০গৰাকী লোকৰ মৃত্যু হয়৷ তাৎক্ষণিকভাৱে চৰকাৰে সেনা আৰু অর্ধ–সেনাক উদ্ধাৰ তথা সাহায্য অভিযানত মোতায়েন কৰে৷ কৰাচীৰ পৰা ছাৰগোধা অভিমুখে আহি থকা মিলাট এক্সপ্রেছে ৰাৱালপিণ্ডিৰ পৰা কৰাচী অভিমুখে আহি থকা ছাৰ ছয়ীদ এক্সপ্রেছত খুন্দা মৰাৰ ফলত ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ এই দুর্ঘটনা সংঘটিত হৈছে ঘটকী জিলাৰ ধাৰকী অঞ্চলত৷ ৰে’ল বিভাগৰ সূত্রই সদৰী কৰা অনুসৰি এই দুর্ঘটনাৰ মূল কাৰণ হৈছে ষ্টেচনৰ কর্মীৰ ছিগনেলৰ ভুল৷ তাৎক্ষণিকভাৱে ঘটনাস্থলীত উপস্থিত হয় ঘটকী জিলাৰ উপায়ুক্ত উছমান আব্দুল্লা৷

ইফালে, এই শোকাৱহ দুর্ঘটনা সন্দর্ভত গভীৰ শোক প্রকাশ কৰিছে পাকিস্তানৰ প্রধানমন্ত্রী ইমৰান খানে৷ ছ’চিয়েল মিডিয়া টুইটাৰযোগে পাক প্রধানমন্ত্রীগৰাকীয়ে উল্লেখ কৰিছে যে এই ভয়াৱহ দুর্ঘটনা সন্দর্ভত ৰে’লমন্ত্রীক পৰিস্থিতি নিৰীক্ষণৰ নির্দেশ দিয়া হৈছে৷ নিহত লোকসকলৰ পৰিয়াললৈ সাহায্য আগবঢ়োৱাৰ উপৰি আহত লোকসকলৰ চিকিৎসা তথা যাৱতীয় সাহায্য নিশ্চিত কৰিবলৈ ৰে’লমন্ত্রীগৰাকীক নির্দেশ দিয়া বুলি প্রধানমন্ত্রী ইমৰান খানে উল্লেখ কৰিছে৷ স্মর্তব্য যে পাকিস্তানত ৰে’ল দুর্ঘটনা সঘনে সংঘটিত হৈ আহিছে৷ আজিৰ এই দুর্ঘটনাৰ ফলত দুয়োখন ৰে’লৰ মুঠ ১৪টা দবা লাইনচ্যুত হয়৷ ইফালে, উদ্ধাৰকাৰীয়ে এই বাতৰি যুগুতোৱাৰ পৰলৈকে বহু লোক দুর্ঘটনাগ্রস্ত ৰে’ল দুখনত আবদ্ধ হৈ থকা বুলি সন্দেহ কৰিছে৷

Leave A Reply