Breaking

ৰাজভৱনত পশুপাম খুলিছে ৰাজ্যপালে!

0 2,029

ৰাজ্য চৰকাৰৰ সৈতে সংঘাতৰ বাবে তেওঁ সংবাদ শিৰোনামত। ৰাজ্য চৰকাৰ তথা শাসক দলৰ আচৰণত ৰুষ্ট হৈ সম্প্রতি বিশ্ববিদ্যালয়ৰ আচার্য পদ এৰিব বিচাৰিছে তেওঁ। সেই ইচ্ছা চৰকাৰীভাৱে মঞ্জুৰ নহ’লেও হাতত থকা সময়ত পশু-পক্ষীৰ তদাৰকত লাগিছে ৰাজ্যপালগৰাকীয়ে। তিৰুৱনন্তপুৰমৰ ৰাজভৱনত যেন পশুপামহে খুলিছে কেৰালাৰ ৰাজ্যপাল আৰিফ মহম্মদ খানে। তাত এতিয়ালৈ আছে দুটা বিৰল প্রজাতিৰ গৰু, ১০টা ছাগলী আৰু ২০টা কুকুৰা।

ৰাজ্যপালজনে নতুনকৈ ঘোষণা কৰিছে যে ৰাজভৱনক দুগ্ধ উৎপাদনত স্বনির্ভৰশীল কৰি তুলিবলৈ এই পদক্ষেপ লৈছে। কেৰালাৰ চৰকাৰী প্রাণীবিজ্ঞান বিশ্ববিদ্যালয়ৰ শিক্ষক আৰু পশুপালনৰ প্রশিক্ষকৰ এটি দলে এতিয়া ৰাজভৱনৰ কর্মীক গৰু-ছাগলী পালন কৰা শিকাইছে। সময় পালেই চতুষ্পদ আৰু দ্বিপদ প্ৰাণীবোৰৰ কাণ্ড কাৰখানা চাবলৈ যায় খোদ ৰাজ্যপালগৰাকী।

Leave A Reply