Breaking

“SHUT UP TROLLERS”: এইবাৰ শেনৰ এজাত ৰাজ কুন্দ্ৰা। ব্লুফিল্ম বনোৱাক লৈ চলিছিল আলোচনা।

0 355

মোবাইল এপ্লিকেচনত পৰ্ণগ্ৰাফিক ছবি নিৰ্মাণ কৰি আপলোড কৰা আৰু ইয়াৰ বেপাৰ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা ব্যৱসায়ী তথা বলীউডৰ অভিনেত্ৰী শিল্পা ছেট্টী (Shilpa Shetty)ৰ স্বামী ৰাজ কুন্দ্ৰা (Raj Kunda)ই জেলৰ পৰা মুকলি হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে ৰাজহুৱাকৈ মৌনতা ভংগ কৰিছে। পৰ্ণগ্ৰাফিৰ সৈতে ব্যৱসায়ীজন জড়িত থকাৰ অভিযোগত যোৱা বছৰ ২১ জুলাইত মুম্বাই আৰক্ষী (Mumbai Police)য়ে তেওক গ্ৰেপ্তাৰ কৰিছিল। এই গ্ৰেপ্তাৰৰ পিছতে নেটিজেনৰ টাৰ্গেট হৈ পৰে ৰাজ কুন্দ্ৰা। লগতে অভিনেত্ৰী শিল্পা ছেট্টীও সন্মুখীন হয় ট্ৰ’লৰ। শেহতীয়াকৈ সকলো ট্ৰলিঙৰ প্ৰতিক্ৰিয়া জনাই ৰাজ কুন্দ্ৰাই এটা ৰহস্যময় পোষ্ট দিছে আৰু কৈছে যে অতি সোনকালে সত্যটো ওলাই পৰিব।

বুধবাৰে কুন্দ্ৰাই তেওঁৰ টুইটাৰ হেণ্ডেললৈ গৈ তেওঁক ট্ৰ’ল কৰি অহাসকলক তীব্ৰ সমালোচনা কৰি এটা অগ্নিময় টুইট লিখিছিল। তেওঁ লিখিছে, “ৱান ইয়েৰ টুডে #আৰ্থাৰৰোডৰ পৰা মুকলি কৰা হৈছে। ন্যায় বিচাৰ কেৱল মাত্ৰ সময়ৰহে কথা! সত্য শীঘ্ৰেই ওলাই পৰিব! ধন্যবাদ শুভাকাংক্ষী সকল আৰু এটা ডাঙৰ ধন্যবাদ ট্ৰ’লাৰসকললৈ আপোনালোকে মোক শক্তিশালী কৰিলে🙏 #enquiry #word #mediatrial #trollers. গোটেই কাহিনীটো যদি নাজানা..চুপ থাকা (If you don’t know the whole story..shut up!!)”। ব্যৱসায়ীজনে পোষ্টটোৰ সৈতে নিজৰ এখন ছবিও সংলগ্ন কৰে য’ত তেওঁক হুডি, শ্বেড আৰু ক’লা ৰঙৰ মাস্ক পিন্ধি থকা দেখা যায়।

Leave A Reply