Breaking

ৰাজস্থান বিধানসভাৰ বাজেট অধিৱেশনত আজৱ কাণ্ডঃ নতুন বুলি ভাবি পুৰণি বাজেটকে পঢ়িলে মুখ্যমন্ত্ৰী গেহলটে

0 62

ৰাজস্থান বিধানসভাৰ বাজেট অধিৱেশনত ঘটিল এক নজিৰ বিহীন কাণ্ড। মুখ্যমন্ত্ৰী অশোক গেহলটে যোৱা বছৰৰ বাজেটকে আজি বিধানসভাৰ মজিয়াত পাঠ কৰাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।পিছত অৱশ্যে ভুল হৈছে বুলি অনুভৱ কৰি গেহলট মাজতে ৰৈ যায়। বিৰোধী শিবিৰে যোৱা বছৰৰে বাজেট ভাষণ বন্ধ কৰিবলৈ দাবী উত্থাপন কৰে। দুয়োপক্ষৰ মাজত হোৱা হুলস্থূলৰ বাবে ৰাজস্থান বিধানসভাৰ বাজেট অধিৱেশন কিছু সময়ৰ বাবে স্থগিত ৰখা হয়।

মুখ্যমন্ত্ৰী গেহলটে বাজেট অধিৱেশনত তেওঁৰ ভাষণ আৰম্ভ কৰিছিল। তেওঁ নিজৰ ভঙ্গীত ইটোৰ পিছত সিটো পৃষ্ঠা পঢ়ি গৈছিল । সকলোৱে মনযোগেৰে মুখ্যমন্ত্ৰীৰ বাজেটভাষণ শুনিও আছিল।

জনস্বাস্থ্য আৰু কাৰিকৰী মন্ত্ৰী মহেশ যোশীয়ে তেনে সময়তে মুখ্যমন্ত্ৰীৰ কাষলৈ দৌৰি গৈছিল আৰু তেওঁৰ কাণত কিবা কৈছিল। গেহলটে লগে লগে বাজেট পঢ়া বন্ধ কৰিছিল। কিন্তু কি হ’ল! মুখ্যমন্ত্ৰীৰ মুখখন শেতা হৈ পৰিল। বিধানসভাৰ মজিয়াত তেতিয়া বিৰাজ কৰিছিল নীৰৱতাই। কিন্তু হঠাতে বিৰোধীয়ে ভুলটো ধৰিব পাৰিলে আৰু সদনত হাহাকাৰ লগাই দিলে।

কিছু মুহূৰ্তৰ নিৰৱতাৰ পিছত গেহলটে পুনৰ বাজেট পঢ়িবলৈ ধৰিলে। তেতিয়ালৈকে, সদন কোলাহলৰে ভৰি পৰিছিল। বিৰোধী বিজেপি বিধায়কসকলে সদনৰ মজিয়ালৈ নামি আহিছিল আৰু প্ৰতিবাদ কৰিছিল। ভাৰতৰ সংসদীয় ৰাজনীতিৰ ইতিহাসত এইবাৰেই হয়তো কোনো মুখ্যমন্ত্ৰীয়ে পুৰণি বাজেট পাঠকৰিলে।

ইয়াৰ পিছত, বিধানসভাত তীব্ৰ প্ৰতিবাদ আৰম্ভ হয়। পৰিস্থিতি এনেকুৱা যে বাজেট অধিৱেশন দুবাৰ স্থগিত ৰাখিবলগীয়া হয়। মুখ্যমন্ত্ৰী গেহলটে নিজৰভুল বুজি পাই ৰাজহুৱাভাৱে ক্ষমা বিচাৰিছিল। তেওঁ কৈছিল, “যি ঘটিছে তাৰ বাবে মই ক্ষমা বিচাৰিছো।”

বিৰোধী বিজেপিয়ে দাবী কৰে যে এইবাৰ ৰাজ্য চৰকাৰৰ পৰাই বাজেট ফাদিল হৈছে। অৱশ্যে, শাসকীয় কংগ্ৰেছে অভিযোগ মানি ল’বলৈ অস্বীকাৰ কৰে। জানিব পৰা মতে মুখ্যমন্ত্ৰীয়ে এইবাৰ পাঠকৰিবলগীয়া বাজেটৰ মাজতে যোৱা বছৰৰ বাজেটৰ কিছু অংশও কিবাকৈ সোমাই পৰিছিল।মুখ্যমন্ত্ৰী গেহলটে বিষয়টোকলৈ ক্ষোভ প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে মুখ্য সচিব ঊষা শৰ্মাক মাতি আনি তেওঁৰ অসন্তুষ্টি প্ৰকাশ কৰিছে।


হুলস্থূলৰ পিছত দ্বিতীয়বাৰৰ বাবে অধিৱেশন আৰম্ভ হৈছিল, গেহলটে কৈছিল, “যদি আপুনি বাজেট ভাষণৰ এই প্ৰতিলিপিত কোনো পাৰ্থক্য বিচাৰি পায়, আপুনি মোক ক’ব।” ইয়াত ভুলবশতঃ এটা অতিৰিক্ত পৃষ্ঠা সুমুৱাই দিয়া হৈছিল। মই এটা পৃষ্ঠা ভুলকৈ পঢ়িছো । ইয়াত বাজেট লিক হোৱাৰ কোনো প্ৰশ্নই নাই।”

Leave A Reply