Breaking

ছয় এপ্ৰিলত আৰ চি বিৰ বিৰুদ্ধে ‘পিংক প্ৰ’মিছ’ মেচ খেলিব ৰাজস্থান ৰয়েলছে…

0 27

ৰাজস্থান ৰয়েলছে চলিত আই পি এলৰ অহা ছয় এপ্ৰিলত ৰয়েল চেলেঞ্জাৰ্ছৰ বিৰুদ্ধে জয়পুৰৰ সৱাই মানসিং ষ্টেডিয়ামত তেওঁলোকৰ বহু প্ৰত্যাশিত ‘পিংক প্ৰ’মিছ’ মেচখন খেলিব৷ ইতিমধ্যে এই মেচৰ টিকট অনলাইনত মুকলি কৰা হৈছে আৰু অনুৰাগীৰ আশাপ্ৰদ সহাৰিও পোৱা গৈছে৷ উল্লেখ্য যে ‘পিংক প্ৰ’মিছ’ মেচৰ লক্ষ্য হৈছে মহিলা সবলীকৰণ৷ এই মেচখনত ৰয়েলছে বিশেষ অল-পিংক মেচডে কিট পিন্ধিব৷ দলটোৰ লক্ষ্য হ’ল ৰাজস্থানৰ গ্ৰাম্য অঞ্চলৰ সেই সকল মহিলাক সমৰ্থন কৰা যিয়ে প্ৰেৰণা হৈ সমাজত পৰিৱৰ্তনত গুৰুত্বপূৰ্ণ ভূমি লৈছে লগতে নিজকে শক্তিশালী মহিলা হিচাপে প্ৰতিষ্ঠা কৰিছে৷ ৰাজস্থান ৰয়েলছে এই মেচৰ বাবে ক্ৰয় কৰা প্ৰতিটো টিকটত ৰাজস্থানৰ মহিলা নেতৃত্বাধীন গ্ৰাম্য ৰূপান্তৰৰ বাবে এশ টকাকৈ দান কৰিব৷ ইয়াৰ পূৰ্বে ৰয়েলছে এয়াও ঘোষণা কৰিছে যে প্ৰতিটো অল পিংক ৰয়েলছৰ জাৰ্চি বিক্ৰীৰ পৰা পোৱা সকলো ধন ছ’চিয়েল ইকুইটি আৰ্ম – ৰয়েল ৰাজস্থান ফাউণ্ডেশ্যনক দিয়া হ’ব৷

সেয়ে ৰাজস্থান ৰয়েলছে দলটোৰ সকলো অনুৰাগীক ৰাজস্থান তথা সমগ্ৰ ভাৰতত ইতিবাচক গ্ৰাম্য ৰূপান্তৰৰ দিশত অবিৰত যাত্ৰাৰে আগুৱাই যোৱা ক্ষমতাশালী মহিলাসকলক চেলুট আৰু সমৰ্থন কৰাৰ বাবে এই মেচলৈ আমন্ত্ৰণ জনাইছে৷ এই খেলখনত অংশগ্ৰহণ কৰা দৰ্শকে বিশেষ দিনত উপস্থিত থাকি ফাউণ্ডেশ্যনৰ কাম-কাজৰ বিষয়ে সজাগতা সৃষ্টিৰ লক্ষ্যৰে কৰা বিভিন্ন কাৰ্যসূচীৰ বাস্তৱিক প্ৰতিফলন চোৱাৰো সুযোগ পাব৷ উল্লেখ্য যে ৰয়েল ৰাজস্থান ফাউণ্ডেশ্যনৰ জনমুখী কাৰ্যসূচী ‘ঔৰত হায় তো ভাৰত হায়’ৰ সামগ্ৰিক দৃষ্টিভংগীয়ে পানী সংৰক্ষন, সৌৰশক্তিৰ উন্নীতকৰণ আৰু মানসিক স্বাস্থ্যৰ সুবিধা প্ৰদানৰ দিশত ইতিবাচক পৰিৱৰ্তনৰ নেতৃত্ব দিয়াৰ লগতে সমাজৰ বাধাসমূহ ভংগ কৰি মহিলাসকলক ক্ষমতাশালী কৰাৰ বিষয়ত অনুপ্ৰাণিত কৰিছে৷ ফাউণ্ডেচনে এতিয়ালৈকে প্ৰত্যক্ষ আৰু সজাগতাৰ জৰিয়তে ডেৰ কোটিতকৈ অধিক মহিলাৰ জীৱনত সফলতাৰে প্ৰভাৱ পেলাইছে৷ বিশেষ মেচখনত ৰাজস্থান ৰয়েলছে অল পিংক মেচডে কিট পৰিধান কৰি ৰাজস্থানৰ সাংস্কৃতিক পৰম্পৰাৰ চিনাকি গোলাপী ৰঙৰে মহিলাসকলৰ শক্তি আৰু ধৈয্যক প্ৰতিফলিত কৰে৷ এই সজীৱ ৰং পিন্ধি দলটোৱে ৰাজস্থানৰ মহিলাসকলৰ অদম্য মনোভাৱক গৌৰৱেৰে উদযাপন কৰিছে লগতে সামাজিক পৰিৱৰ্তন আৰু প্ৰগতিৰ ক্ষেত্ৰত তেওঁলোকৰ গুৰুত্বপূৰ্ণ ভূমিকাক সন্মানৰে চিহ্নিত কৰে৷

এইবাৰ ৰয়েলছে কিছুমান মহিলা হিতাধিকাৰীৰ অবিশ্বাস্য যাত্ৰাৰ ওপৰতো দৃষ্টি নিবদ্ধ কৰাৰ সিদ্ধান্ত লৈছে আৰু লাখ লাখ দৰ্শকৰ সন্মুখত তেওঁলোকৰ কঠোৰ পৰিশ্ৰমক চেলুট জনাবলৈ এই বিশেষ জাৰ্চিৰ ডিজাইনত তেওঁলোকৰ নাম খোদিত কৰিছে৷ স্মৰ্তব্য যে এই মহিলাসকলে সৌৰশক্তি আৰু পানী সংৰক্ষণৰ ব্যৱহাৰৰ দিশত উল্লেখযোগ্য পৰিৱৰ্তনত অৰিহণা যোগাই স্থানীয় নায়ক হিচাপে আত্মপ্ৰকাশ কৰিছে৷ প্ৰতিটো নামেই সাহস, অধ্যৱসায় আৰু প্ৰতিকুলতাৰ ওপৰত জয়লাভৰ এটা এটা অনন্য কাহিনী৷

Leave A Reply