Breaking

আইমী বৰুৱাৰ ‘চেমখৰ’ ছবিলৈ ডিমাছা ভাষাৰ শ্ৰেষ্ঠ ছবি হিচাপে ৰজত কমল বঁটা …

0 174

শুকুৰবাৰে ঘোষণা হ’ল ৬৮সংখ্যাক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা। এইবাৰৰ চলচ্চিত্ৰ বঁটাত জিলিকিল চাৰি অসমীয়া। আইমী বৰুৱাৰ ডিমাছা চলচ্চিত্ৰ ‘ছেমখৰে’ ডিমাছা ভাষাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ সন্মান লাভ কৰাৰ উপৰি আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰজত কমল বঁটা পাবলৈ সক্ষম হয় কৃপাল কলিতাৰ ব্ৰীজ ছবিয়ে।আইমী বৰুৱাৰ ‘চেমখৰ’ ছবিলৈ ডিমাছা ভাষাৰ শ্ৰেষ্ঠ ছবি হিচাপে ৰজত কমল বঁটা আগবঢ়োৱা হয়।

‌লগতে ছবিখনত অভিনয়ৰ বাবে আইমী বৰুৱালৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ ‘জুৰীৰ বিশেষ উল্লেখ’ সন্মান আগবঢ়োৱা হয় । আনহাতে অ-কাহিনী চিত্ৰ শিতানত অসমৰ দুখন ছবিয়ে লাভ কৰে এই পুৰস্কাৰ ।

পৰিৱেশ শিতানত দীপ ভূঞা পৰিচালিত ‘মানাহ আৰু মানুহ’ নামৰ ছবিখনে শ্ৰেষ্ঠ পৰিৱেশ চলচ্চিত্ৰ বঁটা লাভ কৰে।সেইদৰে খঞ্জন কিশোৰ নাথৰ কাৰ্বি চুটি ছবি ‘কাচিচিনিথু’লৈ শ্ৰেষ্ঠ চুটি ছবি হিচাপে ৰজত কমল বঁটা আগবঢ়োৱা হয় ।

Leave A Reply