Breaking

ঢকুৱাখনাৰ নৰ্মাল স্কুলত ৰাজীৱ বৰুৱাৰ-“কলা আৰু সৃজনীমূলক শিক্ষা-১” শীৰ্ষক কিতাপ উন্মোচন

0 721

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ অসম’ৰ অধীনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ডায়েট,বি,টি,ছি বি,এড,কলেজ আৰু নৰ্মাল স্কুলবোৰত চলি থকা ৰেগুলাৰ ডি,এল,এড’ কৰ্ছৰ প্ৰথম ষান্মাষিকৰ পেপাৰ ক’ড-এছ ১.৭ ৰ চিলেবাছ অনুসৰি প্ৰস্তুত কৰা এখন কিতাপ-“কলা আৰু সৃজনীমূলক শিক্ষা-১” আজি নৰ্মাল স্কুল ঢকুৱাখনাৰ সভাক্ষত উন্মোচন কৰা হয়। এই কিতাপখনি উন্মোচন কৰে ঢকুৱাখনা নৰ্মাল স্কুলৰ কলা,আৰু সৃজনশীল শিক্ষা বিষয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক আনন্দ গগৈয়ে।গগৈয়ে তেখেতৰ বক্তব্যত-“নৰ্মাল স্কুল ঢকুৱাখনাৰ অতিথি শিক্ষক ৰাজীৱ বৰুৱাই যথেষ্ট কষ্ট কৰি প্ৰস্তুত কৰা আৰু গুৱাহাটীৰ পানবজাৰস্থিত জে,এছ পাব্লিকেশ্বনছে প্ৰকাশ কৰি উলিওৱা-“কলা আৰু সৃজনীমূলক শিক্ষা-১” শীৰ্ষক কিতাপখনে ডি,এল,এড,অধ্যয়নৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শিক্ষাৰ্থীসকলৰ যথেষ্ট উপকাৰ সাধিব বুলি উল্লেখ কৰে।

নৰ্মাল স্কুল ঢকুৱাখনাৰ অধ্যক্ষ লক্ষী কোঁৱৰৰ সঞ্চালনাত আয়োজিত আৰু ডি,এল,এড চতুৰ্থ ষান্মাষিকৰ ছাত্ৰ পাৰ্থ প্ৰতিম দাসে আঁত ধৰা এই সভাত উপস্থিত থাকি কিতাপখনৰ লেখক ৰাজীৱ বৰুৱা,নৰ্মাল স্কুল ঢকুৱাখনাৰ শিক্ষয়িত্ৰী পল্লৱী গগৈ আৰু অপৰাজিতা বুঢ়াগোহাঁইয়েও বক্তব্য ৰাখে।

Leave A Reply