Breaking

ৰাজ্যসভা নিৰ্বাচনঃ বিজেপিয়ে ঘোষণা কৰিলে ১৪ গৰাকী প্ৰাৰ্থীৰ নাম, তালিকাত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীৰো নাম…

0 25

ৰাজ্যসভাৰ নিৰ্বাচন সমাগত। এনেসময়তে কেন্দ্ৰত শাসনত থকা ভাৰতীয় জনতা পাৰ্টীয়ে দেওবাৰে আগন্তুক ৰাজ্যসভা নিৰ্বাচনৰ বাবে ১৪ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। দেশৰ কেইবা খনো ৰাজ্যৰ ৫৬ খন আসনৰ বাবে ২৭ ফেব্ৰুৱাৰীত ৰাজ্যসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। বিজেপিয়ে আজি ঘোষণা কৰা প্ৰাৰ্থী তালিকাত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আৰ পি এন সিঙক উত্তৰ প্ৰদেশৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰা হৈছে। লগতে ৰাজ্যসভাৰ বৰ্তমানৰ সাংসদ সুধাংশু ত্ৰিবেদীকো পুৰন প্ৰাৰ্থিত্ব ৱপ্ৰদান কৰা হৈছে।

ৰাজ্যখনৰ পৰা মনোনীত আন সকলৰ ভিতৰত আছে অমৰপাল মৌৰ্য, সাধনা সিং, চৌধুৰী তেজবীৰ সিং, সঙ্গীতা বলৱন্ত আৰু নবীন জৈন। বিহাৰৰ পৰা ধৰ্মশীলা গুপ্তা আৰু ভীম সিঙক মনোনীত কৰা হৈছে। আনহাতে দেৱেন্দ্ৰ প্ৰতাপ সিঙক ছত্তীশগড়ৰ পৰা মনোনীত কৰা হৈছে৷ সুভাষ বাৰালা আৰু নাৰায়ণ কৃষ্ণসা ভাণ্ডেজক ক্ৰমে হাৰিয়ানা আৰু কৰ্ণাটকৰ পৰা মনোনীত কৰা হৈছে৷ মহেন্দ্ৰ ভট্ট আৰু সমিক ভট্টাচাৰ্যক ক্ৰমে উত্তৰাখণ্ড আৰু পশ্চিম বংগৰ পৰা মনোনীত কৰা হৈছে।

Leave A Reply