Breaking

ৰাখী সাৱন্তৰ মাতৃ মৃত্যু। মাতৃৰ মৃত্যুত ভাঙি পৰা ৰাখী সাৱন্তই ছলমান খানৰ নাম লৈ কান্দি উঠিল…

0 106

বলীউডৰ অভিনেত্ৰী ৰাখী সাৱন্তৰ মাতৃৰ মৃত্যু। মাতৃৰ মৃত্যুৰ পিছত ৰাখী সাৱন্তই অভিনেতা ছলমান খানৰ বিষয়ে কৈ কান্দি থকা দেখা গ’ল ৰাখীক । ‘বিগ বছ’ৰ খ্যাতিসম্পন্ন অভিনেত্ৰী ৰাখী সাৱন্তৰ মাতৃ জয়াৰ যোৱা নিশা শনিবাৰে শেষ নিশ্বাস ত্যাগ কৰে। দীৰ্ঘদিন ধৰি তেওঁৰ মাতৃ ব্ৰেইন টিউমাৰৰ চিকিৎসা চলি আছিল। মাকৰ লগত ৰাখী বৰ ঘনিষ্ঠ আছিল। এতিয়া তেওঁৰ মৃত্যুৰ বাবে ৰাখী সম্পূৰ্ণৰূপে ভাঙি গৈছে। চিকিৎসালয়ৰ পৰা মাকক লৈ যোৱাৰ সময়ত ৰাখী সাৱন্তৰ মনত পৰে বলীউডৰ অভিনেতা ছলমান খানক।

ৰাখী সাৱন্তৰ মনত পৰিছে ছলমান খানৰ কান্দোন

২০২৩ চনৰ ২৮ জানুৱাৰীত ৰাখী সাৱন্তৰ মাতৃ জয়াৰ দেহাৱসান ঘটে। ৰাখীৰ মাতৃৰ অৱস্থা দিনক দিনে অৱনতি ঘটিছিল। ৰাখীয়ে মুম্বাইৰ ভাল ডাক্তৰৰ পৰা মাকক চিকিৎসা কৰি আছিল। অৱশ্যে এই ৰোগৰ সৈতে দীৰ্ঘদিনীয়া যুঁজৰ অন্তত শেষ নিশা শেষ নিশ্বাস ল’লে। মাতৃৰ মৃত্যুৰ বাবে ৰাখী ছিন্নভিন্ন হৈ পৰিছে। ইয়াৰ ভিডিঅ’ ছচিয়েল মিডিয়াত পোহৰলৈ আহিছে। ভিডিঅ’টোত দেখা গৈছে যে ৰাখীয়ে মাকক চিকিৎসালয়ৰ পৰা নিয়াৰ সময়ত তিক্তভাৱে কান্দিছে। এই সময়ত তেওঁ ছলমান খানক মনত পেলাই কয়, “চলমান ভাই মা মাৰ গয়ী।” এইদৰেই তাই বাৰে বাৰে ছলমান ভাইৰ নাম লৈছিল।ৰাখী সাৱন্তৰ মাতৃৰ তিনি বছৰ ধৰি কেন্সাৰ হৈছিল।

ৰাখী সাৱন্তৰ মাতৃ যোৱা ৩ বছৰে কেন্সাৰৰ সৈতে যুঁজি আছিল। ইয়াৰ চিকিৎসাও বহুদিন ধৰি চলি আছিল। অৱশ্যে সময়ৰ লগে লগে তেওঁৰ অসুস্থতা অধিক বেয়া হৈ গৈ থাকিল। বৃক্ক আৰু হাওঁফাওঁলৈ বিয়পি পৰিছিল কেন্সাৰ। মাকৰ একাধিক অংগ বিকল হৈছিল, যাৰ বাবে অৱস্থাটো অধিক সংকটজনক হৈ পৰিছিল। ৰাখীয়ে কয় যে জানুৱাৰী মাহত মাকৰ ব্ৰেইন টিউমাৰ ধৰা পৰিছিল, তাৰ পিছত তেওঁ কাকো চিনিব পৰা নাছিল। ছলমান খানৰ পৰা আৰম্ভ কৰি মুকেশ আম্বানী (মুকেশ আম্বানী)লৈকে ৰাখী সাৱন্তৰ মাতৃৰ চিকিৎসাত সহায় কৰিছিল।

Leave A Reply