Breaking

অভিযোগ প্ৰতিঅভিযোগৰ মাজতে আদিলৰ বিৰুদ্ধে ৰাখীৰ আন এক চাঞ্চল্যকৰ অভিযোগ- ‘তেওঁ মোৰ অশ্লীল ভিডিঅ বনাই বিক্ৰী কৰিছিল’

0 82

শেহতীয়াকৈ ৰাখী সাৱন্তই স্বামী আদিল খানৰ বিষয়ে এক চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰি কয় যে আদিল খানে তেওঁৰ অশ্লীল ভিডিঅ’ নিৰ্মাণ কৰি বিক্ৰী কৰিছে, সংবাদ মাধ্যমৰ সন্মুখত ৰাখীয়ে এই কথা প্ৰকাশ কৰিছে। এক সাক্ষাৎকাৰত ৰাখীয়ে কয় যে আদিলে ‘মোৰ অশ্লীল ভিডিঅ’বোৰ লৈ মানুহক বিক্ৰী কৰিছিল। মোৰ গোচৰটো চাইবাৰ ক্ৰাইম বিভাগৰ লগত চলি আছে। সি এতিয়া তনুক বিয়া কৰাব বিচাৰে আৰু সেইটোও তৃতীয়বাৰৰ বাবে।’ ৰাখীয়ে আৰু কয় যে আদিলে তনুক এই বিষয়ৰ পৰা আঁতৰি থাকিবলৈ কৈছে। আদিলে তনুক কৈছে যে ৰাখীৰ ঘটনাৰ পৰা ওলাই অহাৰ পিছত তেওঁ সংবাদমেল অনুষ্ঠিত কৰিব আৰু পাঁচ দিনৰ পিছত তাইক বিয়া কৰাব।এয়া ৰাখীৰ ভাষ্য-

আদালতত উপস্থিত হোৱাৰ সময়তে ৰাখী সাৱন্তই সংবাদ মাধ্যমৰ সৈতে কথা পাতি কয় যে ‘মই আদালতলৈ আহিছো। আদিলে জামিন ল’ব নালাগে, মই মোৰ মেডিকেল কৰি দিছো আৰু সকলো প্ৰমাণ পুলিচকো গতাই দিয়া হৈছে। ন্যায়াধীশৰ পৰা ন্যায় বিচাৰি ইয়ালৈ আহিছো। আদিলে মোক অত্যাচাৰ আৰু প্ৰতাৰণা কৰিছে আৰু মই নিবিচাৰো তেওঁ জামিন লাভ কৰক। মই মোৰ বেংক ষ্টেটমেণ্টো দিছো, মোৰ অ’টিপি লৈ মোৰ টকা চুৰি কৰি লৈছে আৰু মোৰ বিশ্বাস ভংগ কৰিছে।’

ৰাখী সাৱন্তৰ অধিবক্তাৰ দলটোৱে সংবাদ মাধ্যমক সম্বোধন কৰি পৰৱৰ্তী পদক্ষেপৰ বিষয়ে অৱগত কৰে। “কিছুমান প্ৰমাণ আছে যিবোৰ যথেষ্ট গুৰুতৰ যে তেওঁক জামিন প্ৰদান কৰা নহয়। কেৱল ৪৯৮ বা ৩৭৭ ধাৰা নহয়, আন গুৰুতৰ ধাৰা আছে যাৰ জৰিয়তে ৰাখীয়ে আদিলৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিব পাৰে। ১.৫ কোটি টকাৰ জালিয়াতি এটা গুৰুতৰ অপৰাধ আৰু এই বিষয়টো আদালততো চৰ্চা হ’ব। এই বিষয়টো শুনানিলৈ অনাৰ পিছত শাস্তিৰ কথা বিবেচনা কৰা হ’ব।”

পৰৱৰ্তী সময়তে জানিব পৰা যাব এই ঘটনাই কি ৰূপ লয়।

Leave A Reply