Breaking

ফেব্ৰুৱাৰীত গোৱাত প্ৰেমিক জেকীৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ব ৰাকুল প্ৰীত সিং…

0 32

২০২৪ চনত বলীউডৰ বহু চেলিব্ৰিটিৰ বিয়া হ’ব বুলি এক খবৰ ওলাইছে। জানুৱাৰী মাহৰ প্ৰথম সপ্তাহতে আমিৰ খানৰ কন্যা ৰাণী ইৰা খানে প্ৰেমিক নুপুৰব সৈতে বিবাহপাশত আৱদ্ধ হ’ব। এইবাৰ আন এক দম্পতীৰ বিবাহৰ খবৰ শিৰোনামত। এই দম্পতী আন কোনো নহয়, ৰাকুল প্ৰীত সিং আৰু জেকী ভগনানী। আচলতে হিন্দুস্তান টাইমছৰ প্ৰতিবেদন অনুসৰি ফেব্ৰুৱাৰী মাহত গোৱাত ৰাকুল আৰু জেকীৰ বিয়া হ’ব। প্ৰতিবেদন অনুসৰি এক সূত্ৰৰ পৰা তথ্য লাভ কৰা হৈছে, “ৰকুল আৰু জেকীৰ বিয়া ২২ ফেব্ৰুৱাৰীত গোৱাত হ’ব।”

আনহাতে সূত্ৰটোৱে কয় যে, “জেকী বৰ্তমান বেংকক (থাইলেণ্ড)ত বেচ্চলৰ পাৰ্টিৰ বাবে আছে। আচলতে ৰাকুলও থাইলেণ্ডত আছে। ৰাকুল আৰু জেকীৰ বিয়াৰ ডেটক লৈ উৰাবাতৰি এইটোৱেই প্ৰথম নহয়। যোৱা বছৰো একেধৰণৰ খবৰ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল যদিও পিছত অভিনেত্ৰীগৰাকীয়ে অস্বীকাৰ কৰিছিল।

Leave A Reply