Breaking

কাকতত ডাঙৰকৈ বিজ্ঞাপন দি ক্ষমা বিচাৰিব লাগিব, ৰামদেৱক পুনৰ নিৰ্দেশ উ চ্চতম ন্যায়ালয়ৰ…

0 20

বিপদ আঁতৰা নাই বাবা ৰামদেৱৰ। কোভিডৰ দৰবৰ বিভ্ৰান্তিকৰ বিজ্ঞাপন প্ৰকাশ কৰি উচ্চতম ন্যায়ালয়ৰ ৰোষত পৰা ৰামদেৱক পুনৰ তিৰস্কাৰ কৰিলে আদালতে। উচ্চতম ন্যায়ালয়ে মঙলবাৰে কয়-বাতৰি কাকতৰ গোটেই পৃষ্ঠাজুৰি যিমান ডাঙৰকৈ দৰবৰ বিজ্ঞাপন দিছিল। আপুনি ইমান ডাঙৰকৈ ক্ষমা বিচাৰিলেনে? বাতৰি কাকতৰ চুকত ক্ষমা বিচাৰি সৰুকৈ বিজ্ঞাপন দিয়াৰ বাবে উচ্চতম ন্যায়ালয়ে যোগ গুৰু ৰামদেৱক ভৰ্ৎসনা কৰিছে। একে সময়তে ন্যায়ালয়ে স্পষ্ট কৰি দিছে যে ৰামদেৱৰ এনেধৰণৰ ক্ষমা প্ৰাৰ্থনা নাকচ কৰা হৈছে। কিয়নো ৰামদেৱৰ এনে ক্ষমা প্ৰাৰ্থনা একেবাৰে আন্তৰিক নাছিল।ইয়াৰ পূৰ্বে পতঞ্জলিৰ বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ ক্ষেত্ৰত ৰামদেৱে আদালতৰ পৰা ৰাজহুৱাভাৱে ক্ষমা বিচাৰিছিল।

কিন্তু উচ্চতম ন্যায়ালয়ে ৰামদেৱৰ ক্ষমা বিচৰাৰ ধৰণটো মানি লোৱা নাই। আদালতৰ নিৰ্দেশত ৰামদেৱে ৰাজহুৱাভাৱে ক্ষমা বিচাৰিছিল। মঙলবাৰে শুনানিৰ সময়ত ৰামদেৱৰ পৰামৰ্শদাতাই কয় যে যোগ গুৰুজনে ক্ষমা বিচাৰি ৬৭ খন বাতৰি কাকতত জাননী প্ৰকাশ কৰিছে। ইয়াৰ বাবে মুঠ ১০ লাখ টকাও খৰচ কৰা হৈছে। ৰামদেৱ আৰু তেওঁৰ সহায়ক আচাৰ্য বালকৃষ্ণয়ো আদালতত ক্ষমা বিচাৰিছিল। কিন্তু এনে ঘোষণাৰ পিছতো উচ্চতম ন্যায়ালয়ৰ সুৰ একেবাৰে কোমল হোৱা নাছিল। ন্যায়াধীশ হিমা কোহলীয়ে সোধে , “ৰামদেৱৰ ক্ষমা প্ৰাৰ্থনা অতি স্পষ্টকৈ কৰা হৈছে নে? পতঞ্জলিৰ ক্ষমা প্ৰাৰ্থনাৰ জাননী বাতৰি কাকতৰ পৃষ্ঠাত ডাঙৰ আখৰত প্ৰকাশ কৰা হৈছেনে? যিমানেই টকা খৰচ নহওঁক, আমি এই বিষয়ত গুৰুত্ব নিদিওঁ। মঙলবাৰে শুনানিৰ কেইঘণ্টামান আগতে ৰামদেৱে বাতৰি কাকতত ক্ষমা বিচাৰি জাননী জাৰি প্ৰকাশ কৰিছিল । তেওঁ লগতে প্ৰতিশ্ৰুতি দিছিল যে ভৱিষ্যতে এনে ভুল নহ’ব।

Leave A Reply