Breaking

নগাঁৱত লাভলীনা বৰগোহাঁইক ‘ৰণাংগন সন্মান-২০২২’ প্ৰদান

0 91

“বঁ‌টা বা সন্মানে আগুৱাই যোৱাৰ প্ৰেৰণা দিয়ে। ৰণাংগনৰ দৰে অনুষ্ঠানে সন্মান জনোৱাত আৰু এঢাপ আগুৱাই যোৱাত সহায়ক হ’ব।” এই মন্তব্য বিশ্ব বিজয়ী ক্ৰীড়াবিদ লাভলীনা বৰগোহাঁইৰ। নগাঁৱৰ অন্যতম প্ৰকাশন গোষ্ঠী ৰণাংগন প্ৰকাশনে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজন কৰা “ৰণাংগন সন্মান-২০২২” প্ৰদান অনুষ্ঠানত বিশ্বজয়ী বক্সাৰ লাভলীনা বৰগোহাঁয়ে ৰণাংগন বঁটা লাভ কৰি সন্তুষ্টি প্ৰকাশ কৰি লগতে কয় যে “অসমত খেলৰ পৰিৱেশ আগতকৈ উন্নত হৈছে। মই আৰু হীমাই আন্তৰ্জাতিক প্ৰতিযোগিতাত পদক বিজয়ী হোৱাৰ পিচত এই পৰিৱেশ সলনি হৈছে। খেলৰ প্ৰতি নৱ প্ৰজন্ম আকৰ্ষিত হৈছে। চৰকাৰেও খেলৰ প্ৰতি বিভিন্ন আঁচনি গ্ৰহণ কৰিছে। ইয়াৰ দ্বাৰা নতুন প্ৰজন্ম আগবাঢ়ি যাবলৈ সক্ষম হ’ব”।

সন্মান প্ৰদান অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি ডঃ সূৰ্যকান্ত হাজৰিকাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি কয় যে লাভলীনা অসমৰে নহয় ভাৰতবৰ্ষৰে গৌৰৱ। নতুন প্ৰজন্মৰ বাবে লাভলীনা প্ৰেৰণা হৈ পৰিছে। সমগ্ৰ ৰাজ্যখনকে লাভলীনাই উদ্বুদ্ধ কৰি তুলিছে।

আনহাতে সন্মান প্ৰদান অনুষ্ঠানত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ উত্তৰ পূব প্ৰান্তৰৰ বৌদ্ধিক প্ৰমুখ শংকৰ দাস, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন প্ৰধান সম্পাদক বাবুল বৰা, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ মৃদুল হাজৰিকা, অসম অলিম্পিকৰ কোষাধ্যক্ষ তপন কুমাৰ দাস বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকি লাভলীনা বৰগোহাঁইৰ গুণ,গৰিমাৰ শলাগ লৈ ক্ৰীড়াবিদ গৰাকীৰ ভৱিষ্যত উত্তৰোত্তৰ কামনা কৰি ভাষণ প্ৰদান কৰে।

লাভলীনাৰ পিতৃ টিকেন বৰগোহাঁই উপস্থিত থকা অনুষ্ঠানটিত ৰণাংগন প্ৰকাশনে লাভলীনা বৰগোহাঁইক আগবঢ়োৱা “ৰণাংগন সন্মান-২০২২” ৰ বাবদ এটি স্মাৰক, শৰাই, জাপি, গামোচা, অংগবস্ত্ৰ, মানপত্ৰ আৰু নগদ দহ হাজাৰ টকা প্ৰদান কৰে। ৰণাংগন প্ৰকাশনৰ পৰিচালন সম্পাদক তথা সম্পাদক সঞ্জীৱ বৰা আৰু মিণ্টু দাসৰ বিশেষ তৎপৰতাত নগাঁও জিলাৰ প্ৰায় কুৰিটা ৰাজহুৱা অনুষ্ঠানে বিশ্বজয়ী লাভলীনা বৰগোহাঁইক শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত সম্বৰ্ধনা জনায়। ইয়াৰ ভিতৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়, নগাঁও জিলা সাহিত্য সভা, নগাঁও প্ৰেছ ক্লাব, নগাঁও ক্ৰীড়া সন্থা, কল্লোল সাংস্কৃতিক গোষ্ঠী, অৰুণোদয় সাহিত্য চৰা, কলংপৰীয়া আলোচনা চক্ৰ, নগাঁও চৰকাৰী বালিকা বিদ্যালয়, ত্ৰিনয়ন গোষ্ঠী, ৰাজস্থানী যুৱক সংঘ, অসম কবি সন্মিলন, সদৌ অসম কবি সন্মিলন, নগাঁওবাসী কলিয়াবৰীয়া সমাজ, তিৱা সাহিত্য সভাৰ নগাঁও জিলা, অসম লেখিকা সন্থা অন্যতম।

উল্লেখ্য যে, যোৱা ২০২০ বৰ্ষ পৰা ৰণাংগন প্ৰকাশনে অসমৰ সমাজ জীৱনৰ লগত ওতপ্ৰোতভাৱে জড়িত “ৰণাংগন সন্মান” প্ৰদান কৰি আহিছে। ইতিমধ্যে বিশিষ্ট সাহিত্যিক প্ৰয়াত হোমেন বৰগোহাঁই আৰু বিশিষ্ট লেখিকা ৰীতা চৌধুৰীক ২০২০ আৰু ২০২১ বৰ্ষত ৰণাংগন সন্মান লাভ কৰিছে। আজিৰ এই বঁ‌টা প্ৰদান অনুষ্ঠানত প্ৰায় তিনিশ লোক উপস্থিত থাকে। ইপিনে সংবাদ মাধ্যমৰ সন্মুখত লাভলীনা বৰগোহাঁয়ে কয়, “আগন্তুক সময়ত আগবাঢ়ি যাবৰ বাবে বহুত বেছি কষ্ট কৰিম। যাতে অসমৰ নাম উজ্বলাব পাৰো। আনহাতে নতুন প্ৰজন্মৰ খেলুৱৈসকলক উদ্দেশ্যি লাভলীনাই কয় যে বৰ্তমান বহুত ল’ৰা-ছোৱালী খেলিবৰ বাবে ওলাই অহাটো শুভ লক্ষণ। কাৰণ চেষ্টাৰ অসাধ্য একো নাই। আমি চেষ্টা কৰিলেই সফল হব পাৰো। লক্ষ্য আগত ৰাখি কাম কৰি গলে নিশ্চয় সফল হ’ব। মানুহে সদায় সপোন ডাঙৰকৈ দেখিব লাগে”। সম্প্ৰতি এছিয়ান গেমচ আৰু অলিম্পিক খেলৰ যোগ্যতা প্ৰতিপন্ন কৰিবৰ বাবে খেলুৱৈ গৰাকীয়ে প্ৰস্তুতি চলাই থকা বুলি জানিবলৈ দিয়ে।

Leave A Reply