Breaking

আম্বানীৰ পৰিয়ালৰ সৈতে সু-সম্পৰ্ক ৰণবীৰ কাপুৰৰ, ৰাতি মুকেশ আম্বানীৰ জেষ্ঠ্য পুত্ৰ-বোৱাৰীৰ সৈতে আড্ডা ৰণবীৰ-আলিয়াৰ

0 33

ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ কেইখন ছবি প্ৰকাশ পাইছে। য’ত তেওঁলোকক আম্বানী পৰিয়ালৰ জ্যেষ্ঠ পুত্ৰ আকাশ আম্বানী আৰু জ্যেষ্ঠ বোৱাৰী শ্লোকাৰ সৈতে দেখা যায়। চাৰিওজনেই ঘৰৰ পৰা ওলাই ৰাতিৰ আড্ডা মাৰিলে। শুকুৰবাৰে গভীৰ নিশা কাপুৰ আৰু আম্বানীয়ে আউটিঙৰ পৰিকল্পনা কৰিছিল। তেতিয়া আকাশ আম্বানীয়ে নিজেই গাড়ী লৈ আহিল ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটক নিবলৈ। তেওঁৰ লগতে শ্লোকা আম্বানীকো দেখা গ’ল। চাৰিওজনে একেলগে ৰাতিৰ বাবে পৰিকল্পনা কৰিলে।

এতিয়া আম্বানী আৰু কাপুৰৰ ফটো ওলাইছে। য’ত মুকেশ আম্বানীৰ ডাঙৰ পুত্ৰ আকাশ আম্বানীক ড্ৰাইভিং চিটত বহি থকা দেখা গৈছে আৰু কাষতে বহি থকা দেখা গৈছে ৰণবীৰ কাপুৰ। পিছৰ আসনত শ্লোকা আম্বানী আৰু আলিয়া ভাটক দেখা গৈছে। আকাশ আম্বানী আৰু ৰণবীৰ কাপুৰৰ মাজত বহুত ভাল বন্ধুত্ব। দুয়োকে আগতে বহুবাৰ একেলগে দেখা গৈছে। আকাশ আম্বানীৰ বিবাহ শোভাযাত্ৰাত ৰণবীৰ কাপুৰে যি নাচিলে আৰু অনুৰাগীয়ে আজিও সেই ক্লিপটো পাহৰিব পৰা নাই। অৱশ্যে ৰাতিৰ আন্ধাৰত আলিয়া ভাট কন্যা ৰাহাৰ সৈতে ফুৰিবলৈ ওলাই গৈছে নে নাই সেয়া জানিব পৰা হোৱা নাই। অৱশ্যে শ্লোকৰ লগতো ল’ৰা-ছোৱালীক দেখা পোৱা নাই। শেহতীয়াকৈ আলিয়াই নাৰী দিৱসৰ দিনা কন্যা ৰাহাৰ উপহাৰৰ ফটো শ্বেয়াৰ কৰিছিল।

Leave A Reply