বন্ধুৰ পিতৃ নিজৰ দেউতাকৰ দৰে। সেয়ে অভিনেতা ৰণবীৰ কাপুৰে পৰিচালক অয়ন মুখাৰ্জীৰ পিতৃ দেৱ মুখাৰ্জী মৃতদেহ কান্ধটো ল’লে। প্ৰয়াত পিতৃলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৰণবীৰে।(Ranbir Kapoor)
অয়ন মুখাৰ্জী তেওঁলোকৰ পৰিয়ালৰ বন্ধু। পৰিচালকগৰাকীৰ ছবি ‘ব্ৰহ্মষ্ট্ৰ’ত অভিনয় কৰিছিল ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটে। অয়নৰ পিতৃ দেৱ মুখাৰ্জী মুম্বাইৰ মনোৰঞ্জন আইকন শশাধৰ মুখাৰ্জীৰ বংশধৰ। শেহতীয়াকৈ তেওঁৰ মৃত্যু হোৱা খবৰ লাভ কৰি ঋষি আৰু নীতু কাপুৰৰ পুত্ৰই লগে লগে অভিনেত্ৰী পত্নী আলিয়াৰ সৈতে শীঘ্ৰে মুম্বাইলৈ উভতি আহে। কেৱল ঘূৰি অহাই নহয়, পত্নীৰ সৈতে অন্ত্যেষ্টিক্ৰিয়াতো অংশ লয় ৰণবীৰে। প্ৰয়াত অভিনেতা গৰাকীৰ শ্মশানৰ পূৰ্বে দেৱ মুখাৰ্জীৰ মৃদতেহ কান্ধত লৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৰণবীৰে।(ayan mukherji)
শেহতীয়াকৈ মৃত্যু হোৱা অভিনেতাগৰাকী আছিল ষাঠিৰ দশকৰ জনপ্ৰিয় এজন ব্যক্তি। অৱশ্যে বহুদিনৰ পৰা অভিনয়ৰ পৰা আঁতৰি আছিল তেওঁ। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৩ বছৰ। জনা যায় যে তেওঁ দীৰ্ঘদিন ধৰি তেওঁ বাৰ্ধক্যজনিত সমস্যাত ভুগি আছিল। শেহতীয়াকৈ তেওঁক শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। মুখাৰ্জীৰ পৰিয়ালে জানিবলৈ দিয়া মতে, তাতেই তেওঁৰ মৃত্যু হয়।
আজিৰ দিনটোতে পৰিচালক অয়নৰ পিতৃৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰে ছলমান খানৰ পিতৃ চেলিম খানে। ৰণবীৰেও চেলিমৰ ভৰি চুই প্ৰণাম কৰা দেখা যায়।