Breaking

দীপিকা পাডুকনৰ সৈতে পুনৰ ‘ৰোমাঞ্চ’ কৰিব বিচাৰে ৰণবীৰ কাপুৰে…

0 73

দীপিকা পাডুকনৰ সৈতে পুনৰ ‘ৰোমাঞ্চ’ কৰিব বিচাৰিছে ৰণবীৰ কাপুৰে? শেহতীয়াকৈ ৰণবীৰ কাপুৰে এক সাক্ষাৎকাৰত ‘য়েহ জৱানী হায় দীৱানী’ ছবি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এই ছবিখনত ৰণবীৰ কাপুৰে নিজৰ প্ৰাক্তন প্ৰেমিকা দীপিকা পাডুকনৰ সৈতে অনস্ক্ৰীণ ৰোমাঞ্চ কৰিছিল। বলীউডৰ অভিনেতা ৰণবীৰ কাপুৰে নিজৰ ছবিৰ লগতে ব্যক্তিগত জীৱনৰ বাবেও প্ৰায়ে বাতৰিৰ শিৰোনাম দখল কৰে। ৰণবীৰ কাপুৰ বৰ্তমান এগৰাকী কন্যা সন্তানৰ পিতৃ যদিও এটা সময় আছিল যেতিয়া তেওঁ নিজৰ কাম-কাজৰ বাবে শিৰোনামত থাকে। ৰণবীৰ কাপুৰে বহু বলীউডৰ অভিনেত্ৰীক ডেটিং কৰিছিল। মনোৰঞ্জনমূলক বাতৰি অনুসৰি ৰণবীৰ কাপুৰো এটা সময়ত অভিনেত্ৰী দীপিকা পাডুকনৰ সৈতে সম্পৰ্কত আছিল। এই সময়ছোৱাত ৰণবীৰ-দীপিকাই বহু ছবিতো কাম কৰিছিল, তাৰ ভিতৰত এখন আছিল ‘য়েহ জৱানী হায় দীৱানী’। এতিয়া এই ছবিখনৰ ছিকুৱেলৰ সন্দৰ্ভত ৰণবীৰ কাপুৰে এনেকুৱা এটা কথা কৈছে যিয়ে মানুহক আচৰিত কৰি তুলিছে।

শেহতীয়াকৈ অনুৰাগীৰ সৈতে হোৱা বাৰ্তালাপত ৰণবীৰ কাপুৰে য়েহ জৱানী হায় দীৱানীৰ ছিকুৱেলৰ বিষয়ে কয়। য়ে জৱানী হায় দীৱানীৰ ছিকুৱেলৰ কাহিনীভাগৰ কথা কওঁতে ৰণবীৰে কয় – কাহিনীটো ১০ বছৰ আগৰ কথা, য’ত বানি, নেইনা, অভি আৰু অদিতিৰ দৰে সকলোৱে নিজৰ নিজৰ জীৱন কটাব বিচাৰে সেই চৰিত্ৰবোৰত জীয়াই থকাটো মজা আৰু আকৰ্ষণীয় বুলি মই ভাবো।’

Leave A Reply