Breaking

নগাঁৱত মঞ্চস্থ হ’ব ৰংগালয়ৰ নাটক অথেল’– এ পলিটিকেল ট্রেপ…

0 25

অসমৰ এটা নিয়মীয়া নাট্যদল নগাঁও জিলাৰ পুৰণিগুদামৰ ৰংগালয় । ইতিমধ্যে ভালেকেইখন উন্নত মানৰ নাট্য প্রযোজনাৰে ৰাষ্ট্ৰীয় পৰ্যায়ত স্থান লাভ কৰিবলৈ সক্ষম হোৱা এই নাট্যদলটোৱে অহা ১১ মে’ তাৰিখে নগাঁও ছোৱালী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত বৰহেমীয়ান চ’লছৰ সহযোগত মনস্থ কৰিব বিশ্ববিখ্যাত নাট্যকাৰ উইলিয়াম শেক্সপীয়েৰৰ কালজয়ী নাটক অথেল’ৰ অসমীয়া অভিযোজনা “অথেল’ — এ পলিটিকেল ট্রেপ” ।

সন্ধিয়া ছয় বজাৰ পৰা মনস্থ হ’ব লগা এই নাটকখনৰ অসমীয়া অনুবাদ সত্য প্ৰসাদ বৰুৱাৰ আৰু অভিযোজনা হেমন্ত কুমাৰ বৰাৰ । অসমীয়া নাট্য সমলেৰে নাটকখনৰ পৰিকল্পনা আৰু পৰিচালনা কৰিছে মৃণাল কুমাৰ বৰাই । নাটকখনত অভিনয় কৰিব অঞ্জল বৰা, দিপু শইকীয়া, বিশ্ব জ্যোতি বৰা, আদিত্য বৰা, পৰশ মণি মহন্ত, তনমি ফুকন আৰু প্ৰহেলিকা বৰাই ।

আৱহ সংগীত ভাৰ্গব বৰা আৰু ৰূপসজ্জা নেত্ৰ কমল বৰাৰ । সাজসজ্জা পৰিকল্পনা কৰিছে মৃদু মৌচম বৰাই । পোহৰ পৰিকল্পনা মৃণাল কুমাৰ বৰা আৰু সহযোগিতা প্ৰশান্ত বৰাৰ । উক্ত নাটখনিত সমূহ ৰাইজৰ উপস্থিতি আয়োজক সমিতিয়ে বিনম্ৰভাৱে কামনা কৰিছে।

Leave A Reply