দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ বিহু সন্মিলনীৰ উদ্যোগত ৰঙালী বিহু উদযাপন

আজি ৰাতিপুৱা ১০ বজাত দক্ষিণ শালমাৰা মানকাচৰ জিলা সদৰৰ হাটশিঙিমাৰী মহাবিদ্যালয়ৰ খেলপথাৰৰ পৰা খাৰুবান্ধা জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খলপথাৰলৈ বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিয়ায়।শোভাযাত্ৰাত অসমীয়া কলা সাংস্কৃতিৰ বিভিন্ন জাতী জনগোষ্টিৰ সাচপোচাক পৰিধান কৰা পৰিলক্ষিত হৈছে ছাত্ৰ – ছাত্ৰীয়ে।আনহাতে ৰঙালী বিহু উপলক্ষে জিলাখনৰ বহুকেইটা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত খেল ধেমালী আদি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয়।

শেহতীয়াকৈ ৰঙালী বিহুৰ কাৰ্যসূচী অনুসৰী সাংস্কৃতিক সন্ধীয়া অনুষ্ঠিত হ’ব আৰু উক্ত সাংস্কৃতিক অনুষ্ঠানত শিল্পি হিচাপে অংশগ্ৰহন কৰিব ডিম্পি সনোৱাল,চন্দন দাস আৰু স্থানীয় শিল্পি।

Related Articles