Breaking

ৰঙিয়া ৰাজহ চক্ৰ বিষয়াৰ বৰলীয়া নৈৰ মথাউৰি পৰিদৰ্শন

0 586

বাৰিষা কাল সমাগত , ইতিমধ্যেই মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই বিভাগীয় মন্ত্ৰী তথা স্থানীয় বিধায়ক সকলক ভগ্ন মথাউৰী নিৰ্মাণৰ কামৰ তদাৰক কৰিবলৈ নিৰ্দেশ দিছে । বাৰিষাৰ পূৰ্বেই আটাইবোৰ মথাউৰীৰ নিৰ্মাণ তথা মেৰামতীৰো কঠোৰ নিৰ্দেশ দিছে যাৰবাবে উৰ্দ্ধতম কৰ্তৃপক্ষৰ নিৰ্দেশনা মৰ্মে ৰঙিয়াৰ নিকটৱৰ্তী বঢ়মপুৰ অঞ্চলত বৰলীয়া নদীৰ খহনীয়া আৰু স্পৰ্শকাতৰ অৱস্থাত থকা মথাউৰী পৰিদৰ্শন কৰি সেই অঞ্চলৰ লোকসকলৰ পৰিস্থিতিৰ বুজ লয় । সাংবাদিকৰ মুখামুখীহৈ বিষয়াগৰাকীয়ে বাৰিষা কালত এই অঞ্চলসমূহত হʼব পৰা পৰিস্থিতিৰ লগত মোকাবিলা কৰিব পৰাকৈ ৰঙিয়া মহকুমা প্ৰশাসন সম্পূৰ্ণ সাজু বুলি জনাই ।উল্লেখযোগ্য যে যোৱা বছৰ এই অঞ্চলটো কঠমপি ৰক্ষা পৰিছিল বানৰ কবলৰ পৰা ।

ৰঙিয়াৰ পৰা চৈয়দ মোস্তাফা আহমেদ ।

Leave A Reply