Breaking

ৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ ভলীবল ৰেফাৰীৰ আলোচনা চক্ৰ

0 2,079

ৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত দেওবাৰে ৰঙিয়া জিলা ভলীবল খেলপৰিচালক সকলৰ এখনি আলোচনা চক্ৰ অনুষ্ঠিত হয়।ৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ ভলীবল সম্পাদক ৰণজিৎ ডেকাৰ আহ্বানত বিশিষ্ট খেল সংগঠক তথা জ্যেষ্ঠ ৰেফাৰী গফুৰ আলীৰ সঞ্চালনাত অনুষ্ঠিত সভাত ৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ ভলীবল খেলৰ উন্নয়নৰ ক্ষেত্ৰত অভাৱ অভিযোগ, সুবিধা অসুবিধাৰ বিষয়ে আলোচনা কৰা হয়। এই আলোচনা চক্ৰতে ৰঙিয়াৰ পৰা গৈ ৰাষ্ট্ৰীয় পৰ্যায়ত ভলীবল ৰেফাৰী হিচাপে নিজকে স্বৃকীত দি গৌৰৱবোধ কৰি ৰাষ্ট্ৰীয় ভলীবল ৰেফাৰী জল্টিৰাম কাকতিয়ে খেল-খেলুৱৈ আৰু ৰেফাৰী সকলৰ কৰণীয় লগতে জানিবলগীয়া খেলৰ নীতি নিয়মৰ ওপৰত তত্বগধুৰ বক্তব্য দাঙি ধৰে।লগতে জিলা ভলীবল ৰেফাৰী সন্থাৰ সমন্বয়ক হিচাপে দ্বায়িত্ব পায় পৰৱৰ্তী সময়ত ৰঙিয়াৰ  ভলীবলৰ ক্ৰীড়াৰ ক্ষেত্ৰত আগবঢ়াই নিয়াত পাৰ্যমানে যথেষ্ট চেষ্টা কৰাৰ আশ্বাস দিয়ে ।আনহাতে আজিৰ আলোচনা চক্ৰতে সৰহ সংখ্যক ভলীবল খেল পৰিচালকে ক্ৰীড়াৰ ক্ষেত্ৰত গঠনমূলক মতামত দাঙি ধৰে। আজিৰ আলোচনা চক্ৰত অংশ গ্ৰহণ কৰে জিলা ক্ৰীড়া সন্থাৰ সাধাৰন সম্পাদক মুকুতানন্দ ভট্টাচার্য্য, সহকাৰী সাধাৰণ সম্পাদক তাৰিফুল ইছলাম, ক্ৰিকেট সম্পাদক  নয়নজ্যোতি দাস, ৰাষ্ট্ৰীয় ভলীবল়় ৰেফাৰী জল্টিৰাম কাকতি, জ্যেষ্ঠ ৰেফাৰী সীতাৰাম ডেকা, পহৰেদ আলী আহমেদ, কিশোৰ দাস, জমিৰুদ্দিন আহমেদ, ময়িদুল ইছলাম, আনোৱাৰ হুছেইন মজুমদাৰ, খাইৰুল হুছেইন, হিতেশ বৰ্মন, হেদেয়াত খান, লোহিত চন্দ্ৰ কাকতি, আবুল আলী, দুৰ্গেশ্বৰ চৌধুৰী আৰু মতিউৰ ৰহমানে।আজিৰ সভাতে ৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ ভলীবল ৰেফাৰীৰ সমন্বয়ক হিচাপে ৰাষ্ট্ৰীয় ভলীবল ৰেফাৰী জল্টিৰাম কাকতি, আনোৱাৰ হুছেইন আৰু সীতাৰাম ডেকাক দ্বায়িত্ব দিয়া হয় ।

Leave A Reply