Breaking

ৰঙিয়াৰ মাতৃ-কন্যা আত্মহননৰ ঘটনাক লৈ এতিয়াও চাঞ্চল্য অব্যহত…

0 73

ৰঙিয়াৰ মাতৃ-কন্যা আত্মহত্যা ঘটনাক লৈ এতিয়াও চাঞ্চল্য অব্যহত ।

দুদিন পূৰ্বে ৰঙিয়াৰ ঘৰৰ কোঠালিত উৱলী যোৱা অৱস্থাত উদ্ধাৰ হৈছিল মাতৃ কন্যাৰ মৃতদেহ ।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে স্বামী তথা পিতৃ প্ৰবীণ কুমাৰ আগৰৱালাক আটক কৰিছে ।
“মই এতিয়া মৰি যোৱাই ভাল মোক ফাঁচী দি মাৰক,মোৰ পত্নী কন্যা মৰি গল”- এই ভাষ্য প্ৰবীণ কুমাৰ আগৰৱালাৰ ।

“আমি তিনিও জনে মিলি আত্মহত্যা কৰাৰ সিদ্ধান্ত লৈছিলো কিন্তু মই বাছি গলো”- এই মন্তব্য স্বামীৰ ।

ঋণৰ বোজাৰ বাবে এই সিদ্ধান্ত লোৱা বুলি মন্তব্য প্ৰবীণৰ ।

আনহাতে পত্নীৰ পৰিয়ালৰ লোকে ঘটনাতো হত্যা বুলি সন্দেহ প্ৰকাশ কৰে ।

আজি তেওঁক ৰঙিয়া মহকুমা ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ কৰাই,আদালতে তেওঁক দুদিনৰ বাবে আৰক্ষী জিম্মাত প্ৰেৰণ কৰে ।

Leave A Reply