Breaking

ৰঙিয়াৰ ব্যক্তিগত বিদ্যালয়ে আগবঢ়ালে বিনামূলীয়া ক’ভিড এম্বুলেন্স

0 558

আজি ৰঙিয়া ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ৰঙিয়া তুলসিবাৰীস্থিত ব্যক্তিগত খণ্ডৰ ডি মাথা নামৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় খনৰ তৰফৰ পৰা এখন বিনামূলীয়া এম্বুলেন্স প্ৰদান কৰে। উল্লেখযোগ্য যে ৰঙিয়াত দিনকদিনে বৃদ্ধি পাই অহা ক’ভিড আক্ৰান্তৰ সুবিধাৰ হকে এম্বুলেন্স খন চমজি লয় ৰঙিয়া ৰাজহ চক্ৰ বিষয়া চন্দন বুঢ়াগোহাঁইয়ে ।ৰোগীসকলৰ হকে এই এম্বুলেঞ্চ খন গ্ৰহণ কৰি ৰঙিয়া স্বাস্থ্যবিভাগৰ দ্বাৰা ৰঙিয়াত থকা কোভিড কেয়াৰ চেন্টাৰ সমূহত ৰোগী অনা নিয়া কৰা বাবে ব্যৱহাৰ কৰা হব বুলি জনাই চক্ৰ বিষয়া গৰাকীয়ে , লগতে তেওঁ ব্যক্তিগত বিদ্যালয় খনে এই দুৰ্যোগৰ সময়ত লোৱা পদক্ষেপক আদৰণী জনাই কয় যে কোভিডৰ বিৰুদ্ধে যুঁজখনত ৰঙিয়া প্ৰশাসনক অনাগত দিনত আৰু অধিক শক্তিশালী কৰি তুলিব বুলি উল্লেখ কৰে । আনহাতে”ডি মাথা” নামৰ এই  ব্যক্তিগত বিদ্যালয় খনৰ তৰফৰ পৰা যিসকল দৰিদ্ৰ লোক ক’ভিডত আক্ৰান্ত হৈছে সেই সকল লোকক খাদ্য সামগ্ৰী লগতে ঔষধ দৰৱ পাতি যোগান ধৰা হৈ আছে বুলি জানিব দিয়ে ইয়াৰ কৰ্মকৰ্তা সকলে । লগতে আগন্তুক দিনত তেওঁলোকে ৰাইজৰ স্বাৰ্থত আৰু অধিক কাম কৰি যাব বুলি জনাই সংবাদ মাধ্যমৰ আগত ।

Leave A Reply