Breaking

ৰঙিয়াৰ বিজেপি সদস্য প্ৰদীপ চৌধুৰীক তাৎক্ষণিকভাৱে নিলম্বন

0 2,101

শুকুৰবাৰে নিশা কৰায়ত্ত হোৱা ড্ৰাগচ সৰবৰাহকাৰী প্ৰদীপ চৌধুৰীৰ বাতৰিয়ে সমগ্ৰ অসম তোলপাৰ লগাইছিল,যত সাঙোৰ সাই পৰিছিল বিজেপিৰ কিছু নেতা মন্ত্ৰীৰ পৰা সাংসদলৈকে নাম । এইসন্দৰ্ভত উত্তৰ কামৰূপ জিলা বিজেপিৰ তৰফৰ পৰা এখন সংবাদমেল যোগে উপ-সভাপতি ভবেশ ডেকাই স্পষ্ট কৰি দিয়ে যে ধৃত প্ৰদীপ চৌধুৰীৰ লগত বিজেপিৰ কোনো নেতা মন্ত্ৰী তথা সাংসদৰ ঘণিষ্ঠতা নাই,হয়তো তেওঁ বিজেপি দলক ঢাল হিচাপে ব্যৱহাৰ কৰি সকলোৰে অজ্ঞাতে এই ব্যৱসায় চলাই গৈছিল ।সেয়েহে বিজেপি দলে তেওঁৰ এই অভিযোগ পোৱাৰ মাত্ৰেই তাৎক্ষণিকভাৱে কাৰ্য্যকৰী হোৱাকৈ ধৃত ড্ৰাগচ সৰবৰাহকাৰী প্ৰদীপ চৌধুৰীক দলৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিস্কাৰ কৰা হৈছে বুলি জনাই। হিমন্তবিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে সমগ্ৰ অসমতেই যি ড্ৰাগচ বিৰোধী অভিযান চলাই আছে ,ইয়াত বিজেপি দলে সম্পূৰ্ণ সহযোগীতা আগবঢ়াই আছে আৰু ভৱিষ্যতেও থাকিব বুলি জনাই । তেওঁ এইক্ষেত্ৰত সংবাদ মাধ্যমৰ লগত জড়িত ব্যক্তিসকলকো সঠিক সংবাদ পৰিবেশন কৰি ড্ৰাগছ বিৰোধী সংগ্ৰাম খনক শক্তিশালী কৰিবলৈ অনুৰোধ জনাই। আনহাতে ৰঙিয়া সমষ্টিত প্ৰায় ৪২ হাজাৰ সদস্যৰে পুষ্ট এটি দলৰ প্ৰতিগৰাকীকে চিনাক্ত কৰা অত্যন্ত কঠিন, আৰু ভৱিষ্যতে দল এইক্ষেত্ৰত অধিক কঠোৰ হ্ব বুলিও জনাই ।

Leave A Reply