Breaking

ৰে’ল বিভাগত এশ শতাংশ থলুৱা নিবনুৱা যুৱক-যুৱতীক নিযুক্তিৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰঙিয়া আঞ্চলিক ছাত্র সন্থাৰ…

0 74

আজি ৰঙিয়া আঞ্চলিক ছাত্র সন্থাৰ সভাপতি মৃন্ময় কুমাৰ ডেকা,আৰু সাঃ সম্পাদক নৱ জ্যোতি কুমাৰৰ নেতৃত্বত ৰঙিয়াত ৰাজধানী এক্সপ্রেস ৰেল গাড়ী খন ৰখোৱাৰ দাৱীত লগতে ৰেল বিভাগত এশ শতাংশ থলুৱা নিবনুৱা যুৱক-যুৱতী নিযুক্তিৰ দাৱীত মাণ্ডলিক ৰেল প্ৰবন্ধকৰ কাৰ্য্যালয়ৰ সন্মুখত ৰেল বিভাগৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।

এক প্ৰেছ বিজ্ঞপ্তি যোগে সদৌ কামৰূপ জিলা ছাত্র সন্থাৰ উপদেষ্টা হেমন্ত দাসে কয় যে ৰেল বিভাগৰ হেমাহীৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ নিবনুৱা যুৱক -যুৱতী সকল বঞ্চিত হবলগীয়া হৈছে। তৃতীয় আৰু চতুর্থ বৰ্গৰ নিযুক্তিৰ ক্ষেত্ৰত বহিৰাগত প্ৰাৰ্থীক নিযুক্তি দি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ নিবনুৱা যুৱক-যুৱতী সকলক বঞ্চিত কৰিছে। তেওঁ ৰেল বিভাগক উত্তৰ পূৰ্বাঞ্চলৰ ক্ষেত্ৰত সুকীয়া ৰেল নিয়োগ মণ্ডল গঠন কৰি নিবনুৱা যুৱক-যুৱতী সকলক ৰেল বিভাগৰ চাকৰিত নিযুক্তি দিয়াৰ বাবে দাৱী জনায়।


উক্ত প্ৰতিবাদী কাৰ্য্যসূচী উপস্থিত থাকি সদৌ কামৰূপ জিলা ছাত্র সন্থা সাংস্কৃতিক সম্পাদক তৌফিকুৰ ৰহমানে কয় ৰেল বিভাগে বাৰে বাৰে উত্তৰ পূৰ্বাঞ্চলৰ নিবনুৱা যুৱক-যুৱতী যুৱতী সকলক প্ৰবঞ্চনা কৰি আহিছে। প্ৰতিবাদী কাৰ্য্যসূচীৰ জৰিয়তে ৰেল বিভাগক এশ শতাংশ থলুৱাক নিযুক্তি দিয়াৰ লগতে ৰঙিয়াত ৰাজধানী ৰেলখন ৰখোৱাৰ বাবে ৰেল বিভাগক আহ্বান জনায়।


প্ৰতিবাদী কাৰ্য্যসূচীত উপস্থিত থাকে ৰঙিয়া মহকুমা ছাত্র সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি জিতু ডেকা। সদৌ কামৰূপ জিলা ছাত্র সন্থাৰ কাৰ্য্যনিৰ্বাহ বুবুল আলী, মহকুমা ছাত্র সন্থাৰ উপ সভাপতি জয়ন্ত শৰ্মা, কাৰ্য্যনিৰ্বাহ সদস্য মোস্তাক আহমেদ।

Leave A Reply