Breaking

ৰংজুলি শিমলীতোলা বৰবৰী গাঁৱত দিন দুপৰেতে দুৱাৰৰ তলা ভাঙি চোৰে নিলে নগদ ধন, সোণৰ আ-অলংকাৰ

0 93

ৰংজুলি শিমলীতোলা বৰবৰী গাঁৱত চাঞ্চল্য ,দিন দুপৰেতে দুৱাৰৰ তলা ভাঙি চোৰে নিলে নগদ ধন, সোণৰ আ-অলংকাৰ।শিমলীতোলা অঞ্চলত খামিডাঠ চোৰৰ মৰসাহ ,বৰবৰী গাঁৱৰ ডিম্বেশ্বৰ সাউদ নামৰ এজনৰ ঘৰত দিন দুপৰতে বলপূৰ্বক দুৱাৰৰ তলা ভাঙি ভিতৰত প্ৰবেশ কৰে আৰু আলমিৰাত ৰখা সোণৰ গহণাৰ লগতে প্ৰায় বিশ হাজাৰ নগদ টকা লৈ উধাও হয় চোৰ।ডিম্বেশ্বৰ সাউদ নিজৰ ব্যৱসায় কামত বাহিৰলৈ আৰু ঘৈণীয়েক গৈছিল বেংকত ,প্ৰায় সাত বছৰীয়া শিশুটিও সেই সময়ত চুবুৰীয়াৰ চোতালত খেলি আছিল,আৰু সেই সময়তে চেগ বুজি তলা বন্ধ দুৱাৰ খুলি চোৰে চলালে এই চাফাই অভিযান।

কিছু পৰৰ পাছত ঘৰত গৈ চুৰিকাণ্ড প্ৰত্যক্ষ কৰি ততালিকে ডিম্বেশ্বৰ সাউদ শিমলীতোলা আৰক্ষী চকীত চুৰিকাণ্ডৰ বিবৰণেৰে দাখিল কৰে এক এজাহাৰ।ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে চোৰৰ অনুসন্ধান চলায় যদিও বিশেষ সফল হ’ব পৰা নাই

Leave A Reply