Breaking

জাতি-জনগোষ্ঠীয় কৃষ্টি-সংস্কৃতিৰে জীপাল হৈ পৰিল ৰংঘৰৰ বাকৰি

0 2,262

বিহু নৃত্য,আও নগাসকলৰ যুদ্ধ নৃত্য, দেউৰী বিহু, হৰিণ নৃত্য, তিৱা নৃত্য আৰু মিচিং জনগোষ্ঠীয় ঐনিতম আদি জাতি-জনগোষ্ঠীয় কৃষ্টি-সংস্কৃতিৰে আজি জীপাল হৈ পৰিল ৰংঘৰৰ শিৱসাগৰৰ বাকৰি ৷

Artist performs Bihu dance during Rangpur festival on the occasion of Magh Bihu at Sivsagar on 15-01-21. Pix BY UB Photos

মাঘৰ প্ৰথম পুৱাতে টাইপাৰ পতাকা উত্তোলন আৰু মৈদাম তৰ্পণেৰে আৰম্ভ হোৱা ৰংপুৰ মেলাত উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে৷ পহিলা মাঘৰ দিনাখনেই ৰংঘৰৰ চোতালত সুৰীয়া সাংস্কৃতিক পৰিৱেশত নিজকে বিলীন কৰি দিলে ৰংপুৰীয়াই ৷

উল্লেখ্য যে ১৬৯৯ খ্ৰীষ্টাব্দত স্বৰ্গদেউ ৰূদ্ৰ সিংহই নিৰ্মাণ কৰা ৰংপুৰ নগৰতে ১৭৪৬-৫৪ খ্ৰীষ্টাব্দত স্বৰ্গদেউ প্ৰমত্ত সিংহই নিৰ্মাণ কৰিছিল বৰ্তমানৰ আটকধুনীয়া ৰংঘৰ। এছিয়াৰ প্ৰথম পেভেলিয়ন খ্যাত এই ৰংঘৰৰ পৰাই আহোম স্বৰ্গদেউসকলে উপভোগ কৰিছিল শেন-কনুৱাৰ যুঁজ, বাঘ-ঘোঙৰ যুঁজ, ম’হ যুঁজকে ধৰি বিভিন্ন খেল-ধেমালি। উপভোগ কৰিছিল কড়ি-ঢোপকে ধৰি বৰ্তমান বিলুপ্তপ্ৰায় খেলসমূহো। আনহাতে গছ তলৰ পৰা বিহুক আনি ৰংঘৰৰ চোতালতেই ৰাজকীয় মৰ্যাদা প্ৰদান কৰিছিল আহোম স্বৰ্গদেউসকলে।

Leave A Reply