Breaking

আই, টি,এফ ৱৰ্ল্ড টেনিছ মাষ্টাৰ্ছ ট্যুৰত গুৱাহাটীৰ ৰাণী কৌৰৰ ত্ৰিমুকুট অৰ্জন…

0 29

(প্ৰেছ বিজ্ঞপ্তি)

আই, টি,এফ ৱৰ্ল্ড টেনিছ মাষ্টাৰ্ছ ট্যুৰত
গুৱাহাটীৰ ৰাণী কৌৰৰ ত্ৰিমুকুট অৰ্জন

গুৱাহাটী- আই, টি, এফ, ৱৰ্ল্ড টেনিছ মাষ্টাৰ্ছ ট্যুৰ (এম টি ৪০০) প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰি গুৱাহাটীৰ ৰাণী কৌৰ মাৰৱাই ত্ৰিমুকুট অৰ্জন কৰিছে৷ হাৰিয়ানাৰ ঝাজ্জাৰৰ জয়গাঁও টেনিছ একাডেমীয়ে আয়োজন কৰা অতি সন্মানজনক প্ৰতিযোগিতাখনৰ ৪০ বছৰ ঊৰ্দ্ধৰ মহিলাৰ ছিংগলছ, মহিলাৰ ডাবলছ আৰু মিক্সড ডাবলছত ৰাণী কৌৰে খিতাপ দখল কৰে ৷

আজি সামৰণি পৰা প্ৰতিযোগিতাখনৰ মহিলাৰ ছিংগলছত ৰাণীয়ে ভাৰতৰে পিংকী শৰ্মাক ৬-০, ৬-৪ ছেটত পৰাজিত কৰে৷ মহিলাৰ ডাবলছত তেওঁ সতীৰ্থ মানছি মেজেজিৰ সৈতে যুটী বান্ধি ভাৰতৰ নাজনীন ৰহমান আৰু সোনাল ভহৰা যুটীক ৭-৬, ৬-২ ছেটত হৰুৱাই চেম্পিয়ন হয়৷ আনহাতে, মিক্সড ডাবলছত ম’হিত ফ’গাটৰ সৈতে

ৰাণীয়ে প্ৰতিপক্ষ যুটী ভাৰতৰ পিংকি শৰ্মা আৰু গিৰীশ মিশ্ৰ যুটীক ৬-৪, ৬-৩ ছেটত পৰাস্ত কৰি খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়৷ পিংকী কৌৰৰ এই সাফল্যৰ বাবে গুৱাহাটী টেনিছ সন্হাৰ সভাপতি কল্যাণ কুমাৰ দাসে অভিনন্দন জনোৱাৰ লগতে ভৱিষ্যতে তেওঁলৈ সন্থাৰ তৰফৰ পৰা যথাসম্ভৱ সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছে৷

(কল্যাণ কুমাৰ দাস)
সভাপতি
গুৱাহাটী টেনিছ সন্থা
গুৱাহাটী।

Leave A Reply