Breaking

‘ৰঞ্জী ট্ৰফী উঠাই দিয়া উচিত!’- মনোজ তিৱাৰীৰ মন্তব্যত উত্তাল ভাৰতীয় ক্ৰিকেট

0 50

চলিত ছিজনৰ ৰঞ্জি ট্ৰফীৰ লীগৰ পৰা বাহিৰ হোৱাৰ পথত বংগ দল। এনে প্ৰেক্ষাপটত মনোজ তিৱাৰীয়ে ছ’চিয়েল মিডিয়াত বিস্ফোৰণ ঘটোৱা দেখিবলৈ পোৱা গৈছে।

মনোজ তিৱাৰীয়ে এক্স হেণ্ডেলত লিখিছে, ” অহা ছিজনৰ পৰা ৰঞ্জী ট্ৰফী উঠাই দিয়া উচিত! টুৰ্ণামেণ্টখনত বহু কথাই ভুল হৈ আছে। এই প্ৰতিযোগিতাখনৰ ইমান চহকী পৰম্পৰা আছে, ইয়াক বচাবলৈ এতিয়াই কিবা এটা কৰা উচিত। এই প্ৰতিযোগিতাখনে গুৰুত্ব আৰু আনন্দ হেৰুৱাই পেলাইছে। প্ৰচণ্ড হতাশ হৈছো।”

এক্স হেণ্ডেলত লিখাৰ কিছু সময়ৰ পিছতে তেওঁ ফেচবুকত লাইভ যোগে কয়, “ক’বলগীয়া বহুত আছে। ৰঞ্জি ট্ৰফীৰ দৰে পৰম্পৰাগত প্ৰতিযোগিতাত যি চলি আছে সেয়া গ্ৰহণযোগ্য নহয়। কিন্তু মই এতিয়াই গোটেই কথাবোৰ ক’ব নিবিচাৰো। কাৰণ আমাৰ মেচ চলি আছে। বি চি চি আইৰ কিছুমান গাইডলাইন আছে। আমি সকলোৱে সেইবোৰ মানি চলা উচিত।”

মনোজ তিৱাৰীয়ে দুই এটা শব্দত কোৱা কথাখিনিই ‘মিনি বিস্ফোৰণ’ বুলি ক’ব পাৰি! কেৰালাৰ বিৰুদ্ধে খেলৰ স্থান ৰঞ্জি মেচৰ বাবে যোগ্য নহয়। সেই কথা স্পষ্টকৈ জনাইছে টিম ইণ্ডিয়াৰ হৈ ১২ খন এদিনীয়া আৰু ৩ খন টি-২০ মেচ খেলাৰ অভিজ্ঞ বেটাৰ মনোজ তিৱাৰীয়ে।

মনোজ তিৱাৰীয়ে লগতে কয়, “আমি থুম্বাত কেৰালাৰ বিৰুদ্ধে খেলি আছো। এই স্থানত প্ৰায় পাঁচ বছৰৰ অন্তত মেচ অনুষ্ঠিত হৈছে। সম্পূৰ্ণ মুকলি পথাৰ। ইয়াৰ লগত যোগ হৈছে জঘন্য ড্ৰেছিং ৰুম। এই খেলপথাৰৰ ড্ৰেছিং ৰুমৰ অৱস্থা এনেকুৱা যে সতীৰ্থৰ সৈতে টীম মিটিং কৰিব নোৱাৰি ! অলপ জোৰেৰে কথা ক’ব নোৱাৰি। কাৰণ সেই কথাবোৰ যিকোনো সময়তে বিপক্ষ দলে শুনিব পাৰে! মুঠতে এটা অতি বেয়া পৰিস্থিতি। বি চি চি আইয়ে এইবোৰৰ বিষয়ে চিন্তা কৰিব লাগিব।”

ইয়াৰ পিছত মনোজে আকৌ ক’লে, “কিন্তু মই তাৰ বাবেই মনে মনে থকা বান্দা নহয় । আমি এই ছিজনৰ লীগৰ অন্তিমখন খেল ইডেন গাৰ্ডেনত বিহাৰৰ বিৰুদ্ধে খেলিম। সেইখনেই হ’ব মোৰ প্ৰথম শ্ৰেণীৰ কেৰিয়াৰৰ শেষ মেচ। সেই মেচৰ পিছত মই যি ক’ব লগা আছে সেয়া নিশ্চয় ক’ম। কাৰণ মোৰ কাৰো পৰা একো পাবলৈ নাই। মোৰ কথা যিয়েই যেনেকৈ নাভাবক মই মনে মনে নাথাকো।”

উল্লেখ্য যে ১৬ ফেব্ৰুৱাৰীৰ পৰা ঘৰুৱা মেচত বিহাৰৰ বিৰুদ্ধে খেলিব বংগ দলে। প্ৰশ্ন হয় কেৰিয়াৰৰ অন্তিমখন মেচ খেলাৰ পাছত আৰু ডাঙৰ বিস্ফোৰণ ঘটাব নেকি মনোজ তিৱাৰীয়ে?

Leave A Reply