Breaking

মানুহে ইমিউনিতি বৃদ্ধিৰ বাবে কনী বেচিকৈ খাবলৈ লৈছে , সেই বাবে দাম বাঢ়িছে :ৰঞ্জিত দাস

0 246

ভাৰতীয় জনতা পাৰ্টিৰ অসম ৰাজ্যিক সমিতিৰ প্ৰাক্তন সভাপতি সকলৰ অশেষ ত্যাগ আৰু কষ্টৰ বিনিময়ত আজি আমি এই ফল লাভ কৰিবলৈ সক্ষম হৈছো । চৰকাৰ থাকিলে দলৰ সংগঠন কৰাৰ সুবিধা বেছি । চৰকাৰ নাথাকিলে সংগঠন কৰাৰ কি যন্ত্ৰণা পোৱা যায় সেয়া ভূক্ত ভূগী সকলেহে জানে । এই মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি তথা জন স্বাস্থ্য কাৰিকৰী আৰু খাদ্য ও অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ৰঞ্জিত দাসৰ ।  আজি পুৱাৰ ভাগত মন্ত্ৰী দাসে বিজেপিৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন কেন্দ্ৰীয় ৰেল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাইৰ নগাঁও চহৰৰ বাসভৱনত ৰাজেন গোহাঁইৰ সৈতে মত বিনিময় কৰাৰ পিছত সংবাদ মাধ্যমৰ আগত মন্ত্ৰী গৰাকীয়ে কয় , যোৱাবাৰ আমি চৰকাৰত আছিলোঁ , এইবাৰো আমি চৰকাৰ গঠন কৰিছোঁ । এয়া সম্ভৱ হৈছে প্ৰাক্তন সভাপতি সকলে অশেষ ত্যাগ স্বীকাৰ কৰি দলটোক  আগুৱাই নিয়াৰ বাবে ।  আজি মই প্ৰাক্তন সভাপতি ৰাজেন গোহাঁইৰ লগত প্ৰায় এঘন্টা ধৰি মনৰ কথাৰ লগতে বিভিন্ন ধৰণৰ কথা বতৰা আৰু দলটোক কেনেকৈ অধিক শক্তিশালী কৰিব পাৰি সেই সম্পৰ্কে আলোচনা কৰিছোঁ ‌। তেওঁৰ পৰা মই আশীৰ্বাদ গ্ৰহন কৰিছোঁ । অনাগত দিনত অসমখনক কেনেকৈ আগুৱাই নিব পাৰি , কৃষিৰ ক্ষেত্ৰতে হওক বা নিয়োগৰ ক্ষেত্ৰতে হওক আদিৰ বিভিন্ন দিশত ৰাজেন গোহাইয়ে পৰামৰ্শ আগবঢ়াইছে । ইতিপূৰ্বে মই প্ৰাক্তন সভাপতি সৰ্বানন্দ সোনোৱাল , ৰমেন ডেকা , নাৰায়ণ বৰকটকী , সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ লগত মত বিনিময় কৰাৰ লগতে ইন্দ্ৰমনী বৰাৰ পৰিয়ালৰ লগত কথা পাতিছো । তেওঁ লগতে কয় এটা সময়ত আমি দেখিছিলো ৰাজেন গোহাঁই , ৰমেন ডেকা , নাৰায়ন বৰকটকী আদিয়ে ফাচি বজাৰ , পল্টন বজাৰৰ দোকানে দোকানে ৫০ – ১০০ টকাকৈ দলৰ বাবে ধন সংগ্ৰহ কৰিছিল । একোখন পুৰনা গাড়ী লৈ অসম ঘূৰিছিল । সেই বোৰ আমি জানো । এতিয়া আমি চৰকাৰ গঠন কৰিছোঁ । মই ৰাজ্যিক সভাপতি হিচাবে তেওঁ লোকৰ ত্যাগক  স্বীকৃতি দিয়াৰ লগে লগে তেওঁ লোকৰ পৰা দুটা নতুন কথা শিকিব পাৰিছো । আজি মই সভাপতি হৈ আছো । কাইলৈ নেথাকিম । ভাৰতীয় জনতা পাৰ্টি এটা দল নহয় , এটা মিশ্যন বুলি অভিহিত কৰি ৰঞ্জিত দাসে কয় , দলটোক আগুৱাই নিয়াৰ ক্ষেত্ৰত আমাক প্ৰবীন কাৰ্যকৰ্তাৰ উপদেশ পৰামৰ্শ লাগিব । নিশ্চিত ভাবে নবীন কাৰ্যকৰ্তাৰ সহযোগ লাগিব । মই সদায়েই কৈ থাকো , প্ৰবীনক শ্ৰদ্ধা কৰা আৰু নবীনক মৰম কৰা । এই দুটা নীতিৰে বিজেপিক আগুৱাই নিয়াৰ বাবে সংকল্প লৈছো । সেই কাৰণে আজি মই প্ৰাক্তন সভাপতি ৰাজেন গোহাঁইৰ আশীৰ্বাদ আৰু দিহা পৰামৰ্শ ললো ।তেওঁ আমাক যথেষ্ঠ উৎসাহ জনোৱাৰ লগতে পৰামৰ্শ আৰু মাগ দৰ্শন দিছে । ৰাজেন গোহাইৰ লগত ৰঞ্জিত দাসৰ হোৱা আলোচনাই পৰবৰ্তী ৰাজ্যিক সভাপতি হিচাপে ৰাজেন গোহাঁইক নিযুক্তি দিয়াৰ ইংগিত বহন কৰিছেনেকি বুলি সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত ৰঞ্জিত দাসে কয় , এই ক্ষেত্রত ৰাষ্ট্ৰীয় নেতৃত্বই ঠিৰাং কৰিব । ৰাষ্ট্ৰীয় কাৰ্যকৰ্তাই ৰাজ্যিক সভাপতি নিয়োগৰ ক্ষেত্ৰত সিদ্ধান্ত লব । ৰাজেন গোহাঁই সভাপতি হব নে নহয় মই নকও । যোৱা চৰকাৰৰ দিনত প্ৰথম অৱস্থাত মই  বিধান সভাৰ অধ্যক্ষ আছিলোঁ । সাত মাহ পাৰ হোৱাৰ পিছত দলৰ ৰাষ্ট্ৰীয় নেতৃত্বই মোক বিজেপিৰ  ৰাজ্যিক সভাপতি হিচাপে  নিযুক্তি দিয়ে  আৰু মই নিষ্ঠাৰে আজি চাৰি বছৰে এই দ্বায়িত্ব পালন কৰি আহিছো । সাংবাদিকে সোধা আন এক প্ৰশ্নৰ উত্তৰত দাসে কয় প্ৰবীণ কাৰ্যকৰ্তাৰ লগতে নবীনকো আকোৱালি লব লাগিব । নবীনক আকোৱালি লৈছোঁ বাবেই আমাৰ ৪২ লাখ সদস্য আছে। যাৰ বাবে আমি এইবাৰ ৮৪ লাখ ৫০ হাজাৰতকৈ অধিক ভোট লাভ কৰিছো। ভাৰতীয় জনতা পাৰ্টিয়ে অকল চৰকাৰ গঠনৰ বাবে অহা নাই , ৰাষ্ট নিৰ্মাণ , জাতি নিৰ্মান , অসম নিৰ্মাণৰ বাবে আহিছে । এতিয়া মই চৰকাৰত আছো , চৰকাৰত থাকিলে দলৰ কাম কাজ কৰাত কিছু অসুবিধা হয় । দলৰ বিধি অনুযায়ী মোৰ কাৰ্যকাল শেষ হবলৈ ছয় মাহ আছে । পৰবৰ্তী সময়ত বিষয়টোৰ ওপৰত ৰাষ্ট্ৰীয় নেতৃত্বই ব্যবস্থা গ্ৰহন কৰিব । মৃল্য বৃদ্ধিৰ সম্পৰ্কত সাংবাদিকে সুধা এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে কয় , সমগ্ৰ দেশৰ লগতে অসমতো মূল্য বৃদ্ধি হৈছে । মূল্য বৃদ্ধিৰ সম্পৰ্কত মোক বহু জনে  অবগত কৰিছে । মূল্যবৃদ্ধিৰ ক্ষেত্ৰত চৰকাৰে ব্যবস্থা গ্ৰহন কৰিব বুলি মন্ত্ৰী গৰাকীয়ে কয় । মিঠাতেলৰ দাম বৃদ্ধি হোৱাটো মই স্বীকাৰ কৰো । আপোনালোকে ভাৰত চৰকাৰ ৱেবচাইডত চাব । তেতিয়া গম পাব যে আগতে মিঠাতেল প্ৰস্তুত কৰোতে সৰিয়হৰ লগত আন দুই এক সামগ্ৰী মিস্কিং কৰা হৈছিল । এনেদৰে প্ৰস্তুত কৰা মিঠাতেল স্বাস্থ্যৰ বাবে ক্ষতি কাৰক । সেয়ে এতিয়া চৰকাৰে অকল সৰিয়হৰে মিঠাতেল প্ৰস্তুত কৰাৰ ব্যবস্থা লৈছে । সেই বাবেই মিঠাতেলৰ দাম বৃদ্ধি হৈছে । তেওঁ লগতে কনীৰ মূল্য বৃদ্ধিৰ প্ৰসংগ উল্লেখ কৰি কয় , বৰ্তমানৰ পৰিস্থিতিৰ বাবে বহি ৰাজ্যৰ পৰা কনীৰ ছাপ্লাই কম হৈছে । তদুপৰি বৰ্তমান  কৰোনা কালত মানুহে ইমুউনিতি বৃদ্ধিৰ বাবে কনী বেচিকৈ খাবলৈ লৈছে , সেই বাবে দাম বাঢ়িছে । সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে কয় , ৰাজ্যত বিকল হৈ থকা জন স্বাস্থ্য কাৰিকৰী বিভাগৰ আচনি সমূহ শীঘ্ৰে কাৰ্যক্ষম কৰি তোলা হব । আজি ৰঞ্জিত দাসে বিজেপিৰ প্ৰাক্তন সভাপতি ৰাজেন গোহাঁইৰ লগত হোৱা বৈঠকত কি কি বিষয়ৰ ওপৰত আলোচনা হল সেয়া জানিব পৰা নাই যদিও দুয়োজন নেতাৰ  এই   বৈঠকক লৈ ৰাজনৈতিক মহলত সৰব চৰ্চা চলিছে । আজিৰ এই আলোচনাত নগাঁও জিলা বিজেপিৰ  সভাপতি অভিজিৎ নাথ , ৰাজেন গোহাঁইৰ পত্নী ৰীতা গোহাঁই আদি উপস্থিত থাকে ।

Leave A Reply