Breaking

ৰণবীৰ সিঙে বিচাৰে কন্যা সন্তান! আনহাতে দীপিকাই কামনা কৰিছে ৩টা সন্তানৰ মাতৃ হোৱা…

0 37

দীপিকা পাডুকন আৰু ৰণবীৰ সিং পিতৃ-মাতৃ হ’বলৈ ওলাইছে। দীপিকা গৰ্ভৱতী আৰু চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত মাতৃ হ’ব। বিবাহৰ ছবছৰৰ অন্তত পিতৃ-মাতৃ হ’বলৈ ওলাইছে দম্পতীহাল। কিন্তু দীপিকা পাডুকন আৰু ৰণবীৰ সিঙে বহুবাৰ শিশু সন্দৰ্ভত নিজৰ মতামত প্ৰকাশ কৰিছিল। বহু সাক্ষাৎকাৰত তেওঁ শিশুৰ কথা কৈছে। আনহাতে ২০১৩ চনত বিবাহৰ পূৰ্বে দীপিকা পাডুকনে এক সাক্ষাৎকাৰত এটা কথা কৈছিল। কথাটো হৈছে, ‘মই অভিনেতা নোহোৱা হ’লে কি কৰিলোহেঁতেন নাজানো। সম্ভৱ যে ১০ বছৰৰ পাছত মোৰ এটা সুখী পৰিয়াল হ’ব। ল’ৰা-ছোৱালীক চেটলৈ লৈ যাম। মোৰ চাৰিওফালে তিনিটা ল’ৰা-ছোৱালী থাকিব।’



ৰণবীৰ সিঙৰ ছবি ‘জয়েশভাই যোৰদাৰ’ মুক্তি লাভ কৰিছিল ২০২২ চনত, যিখন ভ্ৰূণ হত্যাৰ আধাৰত নিৰ্মিত আছিল। সেই সময়ত এটা সাক্ষাৎকাৰত ৰণবীৰ সিঙে কন্যা সন্তান জন্ম দিয়াৰ ইচ্ছা প্ৰকাশ কৰিছিল। তেওঁ কৈছিল, ‘চিনেমাখনত এটা সংলাপ আছে যে মন্দিৰলৈ গ’লে প্ৰসাদত কি পাব সেইটো নিৰ্ণয় নকৰে। গতিকে, সন্তানো ভগৱানৰ দান আৰু ইয়াত কাৰো হাত নাই। পুত্ৰই হওক বা কন্যাই হওক তেওঁ মানি ল’ব।


Leave A Reply