Breaking

ৰণবীৰ সিঙৰ আইতাক ৪০দশকৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী আছিল ! অভিনেত্ৰীগৰাকী কোন হয় জানেনে…

0 79

ৰণবীৰ সিঙৰ আইতাক ৪০ৰ দশকৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী আছিল ! অভিনেত্ৰীগৰাকীক চিনিব পাৰিছেনে। মনোৰঞ্জনৰ বাতৰি তথ্য অনুসৰি ৪০ৰ দশকৰ বিখ্যাত অভিনেত্ৰী চান্দ বাৰ্ক ৰণবীৰ সিঙৰ আইতাক আছিল, অভিনেত্ৰী চান্দ বাৰ্কে ৰাজ কাপুৰৰ ছবিৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছিল। ছুপাৰষ্টাৰ ৰণবীৰ সিঙে নিজৰ প্ৰতিভাৰ জৰিয়তে বলীউডত সফলতাৰ সন্মুখীন হৈছে।কিন্তু আপুনি জানেনে যে ৰণবীৰ সিঙৰ আইতাক এগৰাকী বিখ্যাত অভিনেত্ৰী আছিল। ৰণবীৰ সিঙৰ আইতাক চান্দ বাৰ্ক ৪০ দশকৰ জনপ্ৰিয় অভিনেত্ৰী। প্ৰয়াত অভিনেত্ৰী চান্দ বাৰ্কৰ জন্ম হৈছিল পাকিস্তানৰ খ্ৰীষ্টান পৰিয়ালত। চান্দ বাৰ্কে প্ৰথমে চলচ্চিত্ৰ লেখক নিৰঞ্জনৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। কিন্তু তাৰ পিছত ১৯৫৪ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়। তাৰ পিছত অভিনেত্ৰীগৰাকীয়ে ব্যৱসায়ী সুন্দৰ সিং ভৱনীৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু তেওঁলোকৰ দুটা সন্তান জন্ম হয় কন্যা টনিয়া আৰু পুত্ৰ জগজিত। জগজিত ভৱনীৰ পুত্ৰ ৰণবীৰ সিং।

চান্দ বাৰ্কে লাহোৰৰ চলচ্চিত্ৰ জগতত শিশু শিল্পী হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। চান্দ বাৰ্কে বহু পাঞ্জাবী ছবিত মহিলা নায়িকা হিচাপে কাম কৰিছিল। চান্দ বাৰ্ক পাঞ্জাবী চলচ্চিত্ৰ জগতত ডান্সিং লিলি নামেৰে পৰিচিত আছিল। মনোৰঞ্জনৰ বাতৰি অনুসৰি ৰাজ কাপুৰৰ বুট পলিচ ছবিৰে বলীউডত খোজ দিছিল চান্দ বাৰ্কে। চান্দ বাৰ্কে তেওঁৰ পুত্ৰ জগজিতক চলচ্চিত্ৰত কেৰিয়াৰ গঢ়িবলৈ বিচাৰিছিল কিন্তু সেয়া সফল নহ’ল। বৰ্তমান নাতি ৰণবীৰ সিঙে আইতাক চান্দ বাৰ্কৰ সেই সপোন পূৰণ কৰিছে।

Leave A Reply