Breaking

ৰেপিড’ চালিকা জেউতি বাইদেউৰ জীৱন সংগ্ৰামৰ কাহিনী…

0 82

প্ৰথমে ফটোখনত থকা বাইদেউ গৰাকীক চিনাকি কৰাই দিব বিচাৰো তেওঁৰ নাম জেউতি । এতিয়া মূল কথালৈ আহো কেইদিনমান আগৰ কথা ম‌ই ৰাতিপুৱা এঠাইত যাবৰ বাবে “Rapido book কৰিলো” তেতিয়া বাইদেউ গৰাকী আহিল সময়মতে । আগে পিছেও বহুত বাৰ এনেকৈ Rapido বাইকত অহা যোৱা কৰিছো যদিও এইবাৰ কথাটো ব্যতিক্ৰম কাৰণ কেতিয়াও মহিলা Rapido চালক পোৱা নাছিলো । প্ৰথমবাৰৰ বাবে মহিলা Rapido চালক ৰূপত বাইদেউ গৰাকীক লগ পালো গুৱাহাটীত । আচৰিত কথাটো সেইদিনা তেওঁ প্ৰথমবাৰৰ বাবে Rapido চলাইছে লগতে ম‌ই তেওঁৰ প্ৰথম যাত্ৰী । তেওঁ ক’লে ভণ্টি বেয়া নাপাবা ৰাস্তাটো ইমান নাজানো তেতিয়া ম‌ই ক’লো আপুনি চিন্তা কৰিব নালাগে ম‌ই চিনি পাওঁ আপুনি মাত্ৰ লৈ বল’ক ।

তেওঁক সুধিলো আপোনজনৰ Gpay বা Phone Pay আছেনে তেতিয়া তেওঁ ক’লে এইবোৰ একো‌ নাই , সেই মূহুৰ্তত ম‌ই কলো আপুনি এইবোৰ ফোনত কৰি ল’ব বহুত যাত্ৰী পাব মোৰ পিছত প‌‌ইচা নগদ নিদিয়ে অনলাইন কৰি দিয়ে । তেওঁক সুধিলো Rapido কেনেকৈ চলাম বুলি ভাবিলে তেওঁ ক’লে মোৰ স্বামী দূৰত চাকৰি কৰে দিনটো ঘৰত থাকিব লগা হয় সেইবাবে ভাবিলো নিজৰ ঘৰখনৰ অলপ সহায়ো হ’ব লগতে মনটো বেয়া হৈ নাথাকিব । তেওঁৰ প্ৰতি দুগুণ সন্মান বাঢ়ি গ’ল এগৰাকী মহিলা হিচাপে তেওঁ আনকাৰো কথা ভবা নাই কোনোবাই কি ক’ব মাত্ৰ নিজৰ ঘৰখনৰ উপাৰ্জনৰ বাবে আগবাঢ়ি আহিছে ।

ম‌ই নিজে এগৰাকী ছোৱালী হিচাপে তেওঁক উৎসাহিত কৰিবলৈ চেষ্টা কৰিছো কিয়নো এই সমাজখনত এগৰাকী মহিলা আন‌ এগৰাকীক মহিলাক যেতিয়ালৈ আগবাঢ়ি যাবলৈ উৎসাহিত কৰিব সাহস হ’ব তেতিয়াই আৰম্ভ হ’ব পৰিৱৰ্তন । পৰা লৈকে কাকো নিৰাশ নকৰিব সাহস যোগাব , উৎসাহিত কৰিব চাবচোন তেতিয়া মহিলাসকল আগবাঢ়ি আহিবলৈ কুণ্ঠবোধ নকৰিব । নাৰীয়ে নাৰীৰ আটাইতকৈ ভাঙৰ সাহস । আপোনাৰ মা , বাইদেউ , ভণ্টি লগতে আপোনাৰ এগৰাকী ভাল বান্ধৱী কথাকে উদাহৰণ স্বৰূপে ল’ব পাৰে ।
জেউতী বাইদেউ অনুমতি লৈ ফটোখন তুলিছিলো লগতে তেওঁক কৈছিলো আপোনাৰ কথা ম‌ই ফেচবুকত লিখিম তেতিয়া তেওঁ কৈছিল হ’ব ভণ্টি । আমাৰ এইখন সমাজত আন বহুগৰাকী জেউতী বাইদেউ আছে মাত্ৰ আপুনি সহাঁৰি জনাওঁক সাহস দিওঁক ,ধন্যবাদ ।

জেবিন চুলতানা

Leave A Reply