Breaking

হাপানী আৰু মেদ বহুলতাৰ চিকিৎসাত নলবাৰীৰ চিকিৎসকৰ বিৰল কৃতিত্ব

0 1,596

৫,ফেব্ৰুৱাৰী,  হাপানী ৰোগৰ নিদানমূলক ব্যৱস্থাপনাত ‘শ্বাসহৰ মহাকাসায়’ৰ প্ৰায়োগিক অধ্যয়নৰে চিকিৎসা বিজ্ঞানত এক নতুন আশাৰ সঞ্চাৰ কৰিছে নলবাৰীৰ যুৱ চিকিৎসক ডাঃ নিতেন বৰ্মনে। গুৱাহাটীৰ চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ সংস্কৃত সংহিতা সিদ্ধান্ত বিভাগৰ সহযোগী অধ্যাপক ডাঃ নিতেন বৰ্মনে ব্ৰংকিয়েল এজমা বিষয়ত কৰা গৱেষণাই আয়ুৰ্বেদিক চিকিৎসা বিজ্ঞানত এক নতুন পথৰ সঞ্চাৰ কৰা বুলি বিশেষভাৱে আলোচিত আৰু প্ৰশংসিত হৈছে।

এই সন্দৰ্ভত দেশ-বিদেশৰ বিভিন্ন আন্তৰ্জাতিক চিকিৎসা বিজ্ঞানৰ আলোচনীত বাৰটাকৈ সুদীৰ্ঘ আলোচনা প্ৰকাশ পাইছে বুলিও জানিব পৰা গৈছে। বিগত ৯ বছৰে ১২গৰাকীকৈ স্নাতকোত্তৰ মহলাৰ ছাত্ৰৰ গাইড হিচাপে কাৰ্যনিৰ্বাহ কৰি অহা ডাঃ বৰ্মনৰ অধ্যয়নে চিকিৎসক সমাজৰ পৰা বিশেষ সমাদৰ লাভ কৰিছে। হাপানী ৰোগৰ বিষয়ে সম্পন্ন কৰা এই ফলপ্ৰসু গৱেষণা আৰু অধ্যয়নৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ে ডাঃ বৰ্মনক ডক্তৰেট ডিগ্ৰী প্ৰদান কৰিছে। মুম্বাইৰ আৰ এ পোড্ডাৰ আয়ুৰ্বেদিক মেডিকেল কলেজৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী প্ৰাপক ডাঃ নিতেন বৰ্মনে চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়, জালুকবাৰীৰ অধ্যাপক ডাঃ বিষ্ণুপ্ৰসাদ শৰ্মাৰ অধীনত গৱেষণা কাৰ্য সম্পন্ন কৰিছিল।

নলবাৰীৰ ঘগ্ৰাপাৰৰ সমীপবৰ্তী পোনৰ কাউনীয়াৰ নিবাসী অৱসৰপ্ৰাপ্ত শিক্ষক মহেশ্বৰ বৰ্মন আৰু অঞ্জু বৰ্মনৰ জ্যেষ্ঠ পুত্ৰ নিতেন বৰ্মনৰ গৱেষণাৰ কৃতকাৰ্যতাকলৈ  অঞ্চলটোত আনন্দৰ লহৰ উঠিছে আৰু ডাঃ বৰ্মনৰ গৱেষণাই চিকিৎসা ক্ষেত্ৰত নতুন দিগন্তৰ সূচনা কৰিব বুলিও আশা প্ৰকাশ কৰিছে।  শেহতীয়াভাৱে, ভাৰত চৰকাৰৰ অধীনস্থ  ইন্সটিটিউট অৱ এডভান্স চাইন্স এণ্ড টেকন’ল’জি বিভাগৰ অধীনত ডাঃ বৰ্মনে মেদবহুলতা ৰোধ আৰু পুষ্টি বৰ্ধনত ভীম কলৰ ভূমিকা সন্দৰ্ভত অধ্যয়ন কৰি কেতবোৰ মৌলিক আৰু আশ্বৰ্যকৰ উপাদানৰ সম্ভেদ পোৱা বুলি জানিব পৰা গৈছে।

Leave A Reply