Breaking

চামগুৰিৰ ভূৰবন্ধাত দুষ্প্ৰাপ্য কেটেলা পহু উদ্ধাৰ

0 1,908

 নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত ১ নং ভূৰবন্ধা অঞ্চলত আজি পুৱা এটা দুষ্প্ৰাপ্য কেটেলা পহু উদ্ধাৰ হয় ৷ জানিব পৰা মতে ১ নং ভূৰবন্ধা অঞ্চলৰ কেইজন মান লোকে আজি পুৱা এটা দুষ্প্ৰাপ্য কেটেলা পহুৱে বিচৰণ কৰি থকা প্ৰত্যক্ষ কৰে ৷ পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে উক্ত কেটেলা পহুটো উদ্ধাৰ কৰি লাওখোৱা বন বিভাগৰ হাতত চমজাই দিয়ে ৷ বন বিভাগৰ লোকে উক্ত দুষ্প্ৰাপ্য কেটেলা পহুটো পৰৱৰ্তী সময়ত লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্য খনত মুকলি কৰি দিয়ে বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্য খনৰ বহু এলেকা বুৰাই পেলাইছে ৷ বানৰ কবলত পৰা লাওখোৱা অভয়াৰণ্য খনৰ পৰাই উক্ত কেটেলা পহুটো ওলাই জনাঞ্চলত প্ৰেৱশ কৰিছিল বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰিছে

Leave A Reply