Breaking

গেলেকীত বিৰল প্ৰজাতিৰ বনৰৌ উদ্ধাৰ

0 2,113

 শিৱসাগৰ জিলাৰ অসম-নাগালেণ্ড সীমান্তবৰ্তী  আঠখেলৰ গেলেকী চাহ বাগিচাৰ মাজত আজি এটা বিৰল প্ৰজাতিৰ বনৰৌ উদ্ধাৰ হয়।আজি পুৱা চাহ বাগিচাখনৰ শ্ৰমিকসকলে বাগানত পাত তুলিবলৈ যোৱাৰ সময়ত চাহ বগিচাখনৰ মাজত এটা বন্য প্ৰাণী প্ৰত্যক্ষ কৰে।শ্ৰমিকসকলে লগে লগে বাগিচাৰ পৰিচালক প্ৰণৱ বৰুৱাক খবৰ দিয়ে।পৰিচালক বৰুৱাই বন্যপ্ৰাণীটো প্ৰত্যক্ষ কৰি বনৰৌ বুলি নিশ্চিত হোৱাৰ লগতে বনৰৌটো পিঞ্জৰাত আৱদ্ধ কৰে কৰি আঠখেল খণ্ড বন কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীক খবৰ দিয়ে ।পাছত বনবন্ধু নিৰণ গগৈয়ে আঠখেল খণ্ড বন কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰী আৰু কেইবাজনো বণ্যপ্ৰেমীৰ উপস্হিতিত পৰ্যটনস্হলী কমলাবাৰীৰ ঘন বনাঞ্চলত মুকলি কৰি দিয়ে।

Leave A Reply