Breaking

১১ ফেব্ৰুৱাৰীত নগাঁৱত ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন

0 68

ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকাৰী তথা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰীৰ নিৰ্দেশত নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত অহা ১১ ফেব্ৰুৱাৰীৰ পুৱা ১০ বজাৰ পৰা নগাঁও ন্যায়িক আদালত ভৱনত ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন কৰা হৈছে। ফৌজদাৰী,দেৱানী,পাৰিবাৰিক,ৰাজহ সংক্ৰান্তীয় গোচৰৰ লগতে পথ দুৰ্ঘটনা,বিভিন্ন বেংকৰ ঋণ আদি বিভিন্ন গোচৰ ব্যয়হীন ভাৱে,খৰতকীয়াকৈ নিস্পত্তিৰ ব্যৱস্থা কৰা হব উক্ত লোক আদালতত। তদুপৰি বেংকৰ লেন-দেন (ঋণ), টেলিফোন বিল,বিদ্যুৎ মাচুল সম্পৰ্কীয় বিবাদ সমূহ নিস্পত্তিৰ ব্যৱস্থা কৰা হব এই ৰাষ্ট্ৰীয় লোক আদালতৰ জড়িয়তে ৷

ৰাইজৰ সুবিধাৰ্থে এই গোচৰ সমূহৰ আগতীয়া শুনানিৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই সম্পৰ্কত নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ সচিবে নগাঁও ন্যায়িক আদালত ভৱনৰ চতুৰ্থ মহলাৰ ৬৩ নং কক্ষৰ লগত যোগাযোগ কৰিবলৈ সংশ্লিষ্ট সকলোক প্ৰক্ষকে নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ তৰফৰ পৰা সচিব মনিকা মিশ্ৰঙে আহ্বান জনাইছে ৷

Leave A Reply